হাফলং, 12 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ বাবে ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামৰ দাবীৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ডিমা হাছাও জিলাত ৷ 2010 চনৰ 30 মাৰ্চত অসম চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰাৰ পিছৰ পৰা ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰামে জিলাখনক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত আন্দোলন কৰি আহিছে (Protestors demanded separation of Dima Hasao) ৷
ইয়াৰ মাজতে দেওবাৰে পৃথক জিলা গঠনৰ দাবীত দিছপুৰত ইণ্ডিজিনিয়াছ পীপলছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ’ৰাম, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ কৰ্তৃপক্ষ, ডিমা হাছাও জিলা প্ৰশাসনৰ লগতে পৃথক জিলা গঠনৰ দাবীৰে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটিৰ লগত এক বৈঠক অনুষ্ঠিত হৈছিল (Dima Hasao for declaration of two districts)৷ ইয়াৰ পিছতে এই বৈঠকৰ বিৰোধিতা কৰি সোমবাৰে পাৰ্বত্য জিলাখনৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ডিমাছা জনগোষ্ঠীৰ সামাজিক সংগঠন জাদিখে নাইশ হছম, ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংস্থা, ডিমাছা মাদাৰছ এছ’চিয়েচন আৰু ডিমা জালাই হছমৰ লগতে বিভিন্ন দল সংগঠনে ৷
সোমবাৰে হাফলং পৌৰসভা চৌহদৰ পৰা এক প্ৰতিবাদী মিছিল উলিয়াই প্ৰতিবাদী সংগঠনকেইটাই সমগ্ৰ চহৰ ঘূৰি হাফলং জিলা উপায়ুক্তৰ কাৰ্যালৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদীসকলে পৃথক জিলা দাবীৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত নাজৰিন আহমেদৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ (Assam CM Himanta Biswa Sarma) এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷