ডিমা হাছাও, 30 ডিচেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে পুৱা 10 টা বজাৰ পৰা ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ সদস্যসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । উল্লেখ্য 2010 চনত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন(Demand for separate District)ৰ দাবীত আন্দোলন কৰি আহিছে । কিন্তু এতিয়ালৈ ৰাজ্য চৰকাৰে সংগঠনটোৰ দাবী লৈ কোন ধৰণৰ পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।
ইপিনে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ সাধাৰণ সম্পাদক এল লিমা কেভমে কয় যে, তেওঁলোকৰ পৃথক জিলা গঠনৰ দাবী সন্দৰ্ভত 2020 চনৰ 28 ডিচেম্বৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত তৎকালীনভাৱে ৰাজ্য চৰকাৰে এখন কমিটি গঠন কৰি দিয়াৰ পিচতে 28 ডিচেম্বৰত এই কমিটিৰ লগতে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামৰ লগত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত বৈঠকৰ তিনি মাহৰ ভিতৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত এই কমিটীখনে পৃথক জিলা গঠনৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল আৰু সংগঠনটোৰ লগতে এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল ৷ কিন্তু আজি পৰ্যন্ত এই বৈঠক অনুষ্ঠিত হোৱা নাই ।