হাফলং,২৪ জুলাই :মণিপুৰৰ মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাৰ বিৰুদ্ধে ডিমা হাছাও জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও সংগঠনে ৷ ডিমা হাছাও মাহুৰ খেল পথাৰত কুকি ছাত্ৰ সন্থা,মাৰ ছাত্ৰ সন্থা, মাৰ মহিলা সন্থা আৰু কুকি মহিলা সন্থাৰ উদ্যোগত ৰাইজে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অনতিপলমে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী আৰু মণিপুৰত সংঘটিত সকলো ঘটনা নিয়াৰ দ্বাৰা তদন্তৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
4 মে‘ত মণিপুৰত মেইটেই জনগোষ্ঠীৰ একাংশ উন্মাদ লোকে দুই কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰোৱা ঘটনাক ইতিমধ্যে তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছে বিভিন্ন দল সংগঠনে ৷ উল্লেখযোগ্য দীর্ঘদিনৰ পৰা মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘাতৰ ফলত দেৰ শতাধিক লোকৰ মৃত্যু হোৱাত ওপৰিও প্ৰায় 50 হাজাৰৰ অধিক লোক গৃহহীন হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷