হাফলং,১৪ মাৰ্চ :শিলচৰৰ নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Silchar murder case)। হত্যাৰ বলি হোৱা কণমানি আয়ান মঞ্জুৰ বৰভূঞাৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদো অব্যাহত আছে । বিশেষকৈ শিলচৰ চহৰত প্ৰায় প্ৰতিদিনে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ।
উল্লেখ্য যে, যোৱা ১১ মাৰ্চত শিলচৰ চহৰৰ মাজমজিয়াত দিন দুপৰতে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এগৰাকী কিশোৰক এজন যুৱকে নৃশংসভাৱে হত্যা কৰিছিল । আয়ান মঞ্জুৰ বৰভূঞা নামৰ শিশুটোক অপু মজুমদাৰ নামৰ যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । এই ঘটনাত দুৰ্ভগীয়া কিশোৰজনৰ মৃত্যু হৈছিল (8 year old boy stabbed to death)। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী অপু মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে ।
এই ঘটনাৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । হত্যাকাৰীক ফাঁচীৰ দাবীত শিলচৰত সোমবাৰে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাই হত্যাকাৰী অপু মজুমদাৰক ফাঁচী দিয়াৰ দাবীত 'Justice for Ayan' শীৰ্ষক এক সমদল উলিওৱা হয় । সন্ধিয়া শিলচৰ চহৰত ম'মবাতি লৈ সমদল উলিয়াই শিলচৰৰ বিভিন্ন দল সংগঠনৰ সন্মিলিত মঞ্চ হিউমেনছ অফ শিলচৰে । সংগঠনটোৰ আহ্বানত শিলচৰ ক্ষুদিৰাম মূৰ্তিৰ ওচৰৰ পৰা গোলদিঘি মললৈ এই ম'মবাতি সমদল উলিওৱা হয় (Candlelight rally for Ayan justice)।