অসম

assam

ETV Bharat / state

সন্তোষ হোজাইৰ হত্যাকাণ্ডঃ মুণ্ডণ কৰি প্ৰতিবাদ ডিএইচডিৰ প্ৰাক্তন অধ্যক্ষৰ - ৰ্যকান্ত মৰান জড়িত

হত্যাকাৰীৰ তদন্ত বিচাৰি সোমাবাৰে ডিমা হাছাওত মুণ্ডণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতা সন্তোষ হোজাইৰ হত্যাৰ কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাৰ ৷ উচিত তদন্ত বিচাৰি গৃহমন্ত্ৰীলৈ স্মীৰক পত্ৰ প্ৰেৰণ অধ্যক্ষ গৰাকীৰ ৷

protest against Santosh Hojai killing in dima hasao
সন্তোষ হোজাইৰ হত্যাৰ হত্যাৰ প্ৰতিবাদত ডিমা হাছাওত মুণ্ডণ কৰি প্ৰতিবাদ সাব্যস্ত উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষৰ

By

Published : May 11, 2020, 4:26 PM IST

ডিমা হাছাও, 11 মে' : উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতা তথা ব্যৱসায়ী সন্তোষ হোজাইৰ হত্যাৰ উচিত তদন্ত বিচাৰি সোমবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাই মুণ্ডণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

একালৰ সতীৰ্থ সন্তোষ হোজাইৰ হত্যাকাণ্ডক লৈ দিলীপ নুনিচাৰ অভিযোগ যে, সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ লগত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰান জড়িত থকাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে ৷ লগতে অধ্যক্ষ গৰাকীয়ে এই হত্যাকাণ্ডৰ চি বি আই তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

সন্তোষ হোজাইৰ হত্যাৰ হত্যাৰ প্ৰতিবাদত ডিমা হাছাওত মুণ্ডণ কৰি প্ৰতিবাদ সাব্যস্ত উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষৰ

দিলীপ নুনিচাই আকৌ জনাই যে, দীৰ্ঘদিনৰ পৰা ডিমা হাছাও জিলাত গুপ্তহত্যা সংঘটিত হৈ আহিছে ৷ দুবছৰ আগত প্ৰাক্তন ডিএইচডি সদস্য ৰাজেশ নাইডিংক হত্যা কৰা হৈছিল যদিও সেই ঘটনাৰো কোনো ধৰণৰ তদন্ত আজি পৰ্যন্ত নহ'ল ৷

আনকি, সন্তোষ হোজাইৰ হত্যাকাণ্ডত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰান জড়িত থকাৰ অভিযোগত সন্তোষ হোজাইৰ পত্নীয়ে এজাহাৰ দাখিল কৰাৰ পিছতো সূৰ্যকান্ত মৰাণক গ্ৰেপ্তাৰ নকৰাৰ বাবে ডি এইছ ডিৰ প্ৰক্তন অধ্যক্ষগৰাকীয়ে চি বি আইৰ তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

যদিহে পৰৱৰ্তী সময়ত চৰকাৰে হত্যাকাণ্ডৰ তদন্ত নকৰে তেন্তে অনাগত দিনত তেওঁলোকে সমগ্ৰ ডিমা হাছাও এলেকাত সকলো কাম-কাজ বন্ধ কৰাৰ সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক : চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু এজনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details