অসম

assam

By

Published : Jul 25, 2023, 5:43 PM IST

ETV Bharat / state

Manipur Violence: 'বেটি বচাও ভাৰত বচাও' শ্লোগানেৰে উত্তাল ডিমা হাছাও

হাফলং নগৰত বিভিন্ন মহিলা সংগঠনৰ উদ্যোগত মণিপুৰ কাণ্ডৰ প্ৰতিবাদত সমদল উলিওৱা হয় । ক'লা কাপোৰ পিন্ধি প্ৰতিবাদী মহিলাসকলে 'বেটি বচাও ভাৰত বচাও' 'ধর্ষণকাৰীক ফাঁচী দিয়ক' শ্লোগান দিয়ে ।

Protest against  Manipur Violence
প্ৰতিবাদী সমদল

প্ৰতিবাদী সমদল

হাফলং, ২৫ জুলাই: মণিপুৰৰ মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ বিৰুদ্ধে ডিমা হাছাও জিলাত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে । মঙলবাৰে ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰত পাহাৰীয়া জিলাখনৰ বিভিন্ন মহিলা সংগঠনে মণিপুৰত মহিলা সকলৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ, গণধর্ষণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

আজি হাফলং নগৰ সমিতিৰ পথাৰৰ পৰা ডিমা হাছাও জিলাৰ বিভিন্ন মহিলা সংগঠনৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয় । এই প্ৰতিবাদী সমদলত ক'লা কাপোৰ পিন্ধি প্ৰতিবাদী মহিলাসকলে 'বেটি বচাও ভাৰত বচাও'' ধর্ষণকাৰীক ফাঁচী দিয়ক' মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবীৰ শ্লোগানেৰে হাফলং চহৰৰ ৰাজপথ উত্তাল কৰি তোলে ।

এই পাহাৰীয়া জিলাৰ বিভিন্ন মহিলা সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী সমদল সমগ্ৰ চহৰ পৰিক্ৰমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদকাৰী সকলে যোৱা ৪ মে'ত মণিপুৰত দুই কুকি মহিলাক বিবস্ত্ৰ কৰি সমদল উলিওৱা ঘটনাক গৰিহণা এনে ধৰণৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে । মণিপুৰত মহিলাৰ ওপৰত সংঘটিত এনে ঘটনাৰ এজাহাৰ দাখিলৰ হোৱাৰ পিচতে কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰ সম্পূৰ্ণ নিমাত হৈ আছে কিয় বুলি প্ৰশ্ন কৰে ।

মহিলাসকলে প্ৰতিবাদ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীৰ সন্মানৰ কথা কয় । কিন্তু এতিয়া ভাৰতত নাৰী সকল সুৰক্ষিত নহয় । ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে মণিপুৰ । মহিলা প্ৰতিবাদকাৰী সকলে কয় যে মণিপুৰত সংখ্যালঘু উপজাতি মহিলাসকল সুৰক্ষিত নহয় । যোৱা ৪ মে'ত দুই গৰাকী কুকি মহিলাক বিবস্ত্ৰ কৰি সমদল কৰি ধর্ষণ কৰা হয় আৰু এগৰাকী কুকি মহিলাৰ ভাতৃয়ে প্ৰতিবাদ কৰা বাবে তেওঁক নৃশংসভাৱে হত্যা কৰে উন্মাদ মেইটেই লোকসকলে। কিন্তু ইয়াৰ পিচতো চৰকাৰে তাক লৈ কোনো পদক্ষেপ লোৱা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰি মণিপুৰত সংখ্যালঘু উপজাতি জনগোষ্ঠীৰ বাবে পৃথক প্ৰশাসনিক ব্যৱস্থা কৰাৰ দাবী জনাই । তেওঁলোকে অনতিপলমে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰে ।

লগতে পঢ়ক:Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী

ABOUT THE AUTHOR

...view details