অসম

assam

ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে ডিমা হাচাওত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী - dima hasao protest

শনিবাৰে বিজেপি চৰকাৰৰ ভুল বিত্তীয় নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ডিমা হাচাও জিলা কংগ্ৰেছে ৷ হাফলঙৰ ৰাজীৱ ভৱনৰ সন্মুখত ডিমা হাছাও জিলা কংগ্ৰেছে এই কাৰ্যসূচী পালন কৰে,পুঁজিবাদৰ হাতত দেশক বিক্ৰী কৰি দিছে বুলি শাসকগোষ্ঠীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে

protest-against-bjp-by-congress-at-dima-hasao
বিজেপিৰ বিৰুদ্ধে ডিমা হাচাওত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Nov 30, 2019, 6:50 PM IST

ডিমা হাচাও, 30 নৱেম্বৰ: শনিবাৰে বিজেপি চৰকাৰৰ ভুল বিত্তীয় নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ডিমা হাচাও জিলা কংগ্ৰেছে ৷ উক্ত কাৰ্যসূচীত বিজেপি চৰকাৰৰ ভুল বিত্তীয়নীতি গ্ৰহণৰ বাবে দেশত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থা,ব্যাপক হাৰত মূল্যবৃদ্ধি,কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা আদিৰ বিষয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ তদুপৰি বিভিন্ন কোম্পানীৰ ব্যক্তিগতকৰণ কৰাৰ লগতে দেশৰ উৎপাদন হ্ৰাস, নিবনুৱা সমস্যা ব্যাপক হাৰত বৃদ্ধি আদিৰ বিষয়েও প্ৰতিবাদ কৰে বিৰোধী দলটোৱে ৷ শনিবাৰে হাফলঙৰ ৰাজীৱ ভৱনৰ সন্মুখত ডিমা হাছাও জিলা কংগ্ৰেছে এই কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই কয় যে,বিজেপি চৰকাৰে জনবিৰোধী নীতি গ্ৰহণ কৰি ৰাইজক বিপদত ঠেলি দিছে । বিজেপি চৰকাৰৰ ভুল বিত্তীয় নীতিৰ কাৰণে দেশৰ বিত্তীয় অৱস্থা ক্ৰমে বেয়াৰ ফালে ঢাল খাইছে ৷ তদুপৰি বহু কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱাব লগা হোৱা বুলিও লাংথাচাই মন্তব্য কৰে ৷ ইতিমধ্যে জিলাখনত বহু চৰকাৰী বিভাগৰ কৰ্মচাৰীয়ে দৰমহা নোপোৱাত অৱস্থা শোচনীয় হৈ পৰিছে । পুঁজিবাদৰ হাতত দেশক বিক্ৰী কৰি দিছে বুলি শাসকগোষ্ঠীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ।

বিজেপিৰ বিৰুদ্ধে ডিমা হাচাওত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details