অসম

assam

ETV Bharat / state

PRC Scam in Dima Hasao: পিআৰচি ভেৰিফিকেচন ট্রেডিং লাইচেন্স নবীকৰণক লৈ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

পিআৰচি সন্দৰ্ভত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰা নিৰ্দেশনাৱলীক লৈ সৰৱ ডিমা হাছাও জিলা কংগ্ৰেছ (Dima Hasao district congress)। মঙলবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা কংগ্ৰেছেৰ সভাপতি সমৰজিত হাফলংবাৰে পিআৰচি ভেৰিফিকেচন আৰু ট্রেডিং লাইচেন্স নবীকৰণক লৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে যি নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷

By

Published : Dec 13, 2022, 7:51 PM IST

Press meet on PRC verification in Dima hasao
পিআৰচি ভেৰিফিকেচন ট্রেডিং লাইচেন্স নবীকৰণক লৈ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

পিআৰচি ভেৰিফিকেচন ট্রেডিং লাইচেন্স নবীকৰণক লৈ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

হাফলং, 13 ডিচেম্বৰ: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত পিআৰচি ভেৰিফিকেচনৰ নামত জিলাৰ নাগৰিকসকলক হাৰাশাস্তি কৰাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে (North Cachar Hill Autonomous Council)। ডিমা হাছাও জিলাত পিআৰচিক লৈ জালিয়তি সংগঠিত হোৱাৰ পিচতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগে এক নিৰ্দেশনা জাৰি কৰি স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা সকলো পিআৰচি ভেৰিফিকেচন কৰোৱাৰ বাবে প্ৰতিগৰাকী নাগৰিককে পিআৰচি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগত জমা দিয়াৰ বাবে এক নিৰ্দেশনা প্ৰদান কৰা হৈছিল (PRC Scam in Dima Hasao) । আজি এই বিষয়টো সন্দৰ্ভত সংবা মেল অনুষ্ঠিত কৰে ডিমা হাছাও জিলা কংগ্ৰেছে (Press meet on PRC verification)

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এনে নিৰ্দেশনাক লৈ সৰৱ হৈ উঠিছে ডিমা হাছাও জিলা কংগ্ৰেছ (Dima Hasao district congress)। মঙলবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা কংগ্ৰেছেৰ সভাপতি সমৰজিত হাফলংবাৰে পিআৰচি ভেৰিফিকেচন আৰু ট্রেডিং লাইচেন্স নবীকৰণক লৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে যি নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত এতিয়া গুণ্ডাৰাজ চলিছে ।

তেওঁ পুনৰ কয় যে, ডিমা হাছাও জিলাৰ স্থায়ী বাসিন্দা যি সকল ষষ্ঠ অনুসূচীৰ অধীনত বসবাস কৰি আছে আৰু ব্যবসায় বাণিজ্য চলাই আছে তেওঁলোকৰ ট্রেডিং লাইচেন্স নবীকৰণৰ কৰাৰ ক্ষেত্ৰত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । সমৰজিত হাফলংবাৰে কয় যিসকল লোক জিলাখনৰ স্থায়ী বাসিন্দা তেওঁলোকে এতিয়া ট্রেডিং লাইচেন্স নবীকৰণৰ ক্ষেত্ৰত পিআৰচি, ভূমিৰ পট্টা, 1971 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব ৷ লগতে, যিসকলে ডিমা হাছাও জিলাৰ বাহিৰৰ পৰা আহি ইয়াত ব্যৱসায় বাণিজ্য চলাই আছে তেওঁলোকে কোনো নথিপত্ৰ জমা দিব নালাগে কেৱল কৰ সম্বন্ধীয় নথি-পত্ৰ জমা দিলেই তেওঁলোকৰ ট্রেডিং লাইচেন্স নবীকৰণ হৈ যাব বুলি প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা হাস্যকৰ বুলি মন্তব্য কৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে ।

উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদে যদি এনে ধৰণৰ নিৰ্দেশনা বাতিল নকৰে আৰু স্থায়ী বাসিন্দাসকলক হাৰাশাস্তি কৰা কাৰবাৰ বন্ধ নকৰে তেনেহ’লে কংগ্ৰেছ দল সমগ্ৰ ৰাইজক লগত লৈ গণতান্দ্ৰিক আন্দোলনত নামিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে সমৰজিত হাফলংবাৰে । হাফলংবাৰে সংবাদমেলখনত পুনৰ কয় যে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ যি ফলাফল দেখুৱাইছে সেই ফলাফলে ডিমা হাছাও জিলাৰ কংগ্ৰেছ নেতা কৰ্মী সকলক যথেষ্ঠ উৎসাহিত কৰিছে ।

সমৰজিতে কয় যে যিসকলে হিংসাৰ ৰাজনীতি কৰে সেই সকল ৰাজনৈতিক দল এদিন নি:শেষ হৈ যাব । ডিমা হাছাও জিলাত যি ধৰণে গুণ্ডাৰাজ চলি আছে সেয়া গণতান্ত্ৰিক পদ্ধতিৰে উৎখাত কৰা হ’ব বুলি কয় ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ ।

লগতে পঢ়ক:China India Tawang Conflict: চীনে স্থিতাৱস্থা ভংগৰ চেষ্টা কৰিছিল, টাৱাং সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী

ABOUT THE AUTHOR

...view details