ডিমা হাছাও,21 অক্টোবৰ:শাৰদীয় দুৰ্গা পূজাৰ সময়ত ডিমা হাছাওবাসীক চৰকাৰী নীতি-নিয়ম আৰু স্বাস্থ্য বিধি মানি চলাৰ আহ্বান জনাইছে জিলাখনৰ উপায়ুক্ত পল বৰুৱাই ৷ বুধবাৰে হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি উপায়ুক্ত গৰাকীয়ে দুৰ্গা পূজাত ৰাইজে সঠিক স্বাস্থ্য বিধি মানি পূজা উদযাপন কৰিবলৈ আহ্বান জনাইছে ৷ সংবাদ মেলখনৰ জৰিয়তে উপায়ুক্ত গৰাকীয়ে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ লগতে ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ পূজা কমিটিসমূহক আহ্বান জনাই উপায়ুক্ত পল বৰুৱাই ৷
পূজাকেন্দ্ৰিক সংবাদমেল সম্বোধন ডিমা হাছাওৰ উপায়ুক্তৰ - সংবাদমেল
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা ৷ পূজাৰ প্ৰাকক্ষণত এক সংবাদমেল সম্বোধন কৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাই ৷ উপায়ুক্ত গৰাকীয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূজাত অৱলম্বন কৰা সাৱধানতা সম্পৰ্কে অৱগত কৰে সংবাদমেলখনত ৷
![পূজাকেন্দ্ৰিক সংবাদমেল সম্বোধন ডিমা হাছাওৰ উপায়ুক্তৰ Press meet of Dc of Dima hasao assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9259237-thumbnail-3x2-a.jpg)
জিলা উপায়ুক্তৰ সংবাদমেল
জিলা উপায়ুক্তৰ সংবাদমেল
তদুপৰি শ্বপিং মল সমূহত বজাৰ কৰিবলৈ অহা ব্যক্তিসকলে যাতে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷ কোনো লোকে ক’ভিড প্ৰট’কল মানি নচলিলে জিলা প্ৰশাসনে দুৰ্যোগ প্ৰশমন আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলখনৰ জৰিয়তে স্পষ্টভাৱে প্ৰকাশ কৰে ৷
লগতে চাওকঃমৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ