অসম

assam

ETV Bharat / state

দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলনৰ বিৰোধিতা অগপ নেতা দেৱজিত থাওচেনৰ

74 সংখ্যক স্বাধীনতা দিৱসত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য় দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলন কৰিব দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএম তথা অগপ নেতা দেৱজিত থাওচেনে ৷ বুধবাৰে নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি অগপ নেতা গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰিছে ৷

Press Meet, AGP Leader Debojit Thousen Opposed Devlal Garlsark
স্বায়ত্ব শাসিত পৰিষদৰ সিইএম দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলনৰ বিৰোধীতা অগপ নেতা দেৱজিত থাওচেনৰ

By

Published : Aug 12, 2020, 6:15 PM IST

ডিমা হাছাও, 12 আগষ্ট :দেশৰ জটিল পৰিস্থিতিৰ মাজতো সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ কৰ'ণাৰ ভয়াবহৰ মাজতে দেশবাসীয়ে অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে ৷ চৰকাৰী তথা স্বাস্থ্য় বিভাগৰ সকলো নীতি-নিয়ম মানি স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷

কিন্তু 74 সংখ্যক স্বাধীনতা দিৱসত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলন কৰিবলৈ দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সিইএম তথা অগপ নেতা দেৱজিত থাওচেনে ৷ বুধবাৰে নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি অগপ নেতা গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰিছে ৷

স্বায়ত্ব শাসিত পৰিষদৰ সিইএম দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলনৰ বিৰোধীতা অগপ নেতা দেৱজিত থাওচেনৰ

তেওঁ সংবাদমেলত কয় যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সিইএম তথা কংগ্ৰেছ নেতা পূৰনেন্দু লাংথাচা আৰু নিন্দু লাংথাচাৰ হত্যাৰ অভিযুক্ত দেৱলাল গাৰ্লচাক স্বাধীনতা দিৱসৰ চৰকাৰী অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰিবলৈ দিব নালাগে ৷ আনকি, ইয়াৰ বিৰোধিতাৰে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰদান কৰা বুলিও উল্লেখ কৰে ৷ তেওঁ আকৌ কয় যে, প্ৰাক্তন সিইএম পূৰনেন্দু লাংথাচা আৰু নিন্দু লাংথাচাৰ হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান চি ই এম দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 121/121(এ) অধীনত গোচৰ ৰুজু হোৱাৰ পিছত ৰাজ্য চৰকাৰে এই গোচৰৰ তদন্ত কৰাৰ অনুমতি প্ৰদান কৰিছিল ৷

ইফালে, দেৱজিত থাওচেনে কয় যে, ভাৰতীয় দণ্ডবিধি আইনৰ 121/121(এ) ধাৰা মানে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা । যাৰবাবে আগন্তক স্বাধীনতা দিৱসৰ চৰকাৰী অনুষ্ঠানত দেৱলাল গাৰ্লচাক জাতীয় পতাকা উত্তোলন কৰিবলৈ দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে প্ৰাক্তন চি ই এম তথা অগপ নেতা দেৱজিত থাওচেনে ।

উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ডিমা হাছাও জিলাত চৰকাৰী ভাবে জাতীয় পতাকা উত্তোলন কৰি আহিছিল ৷

লগতে পঢ়ক : সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি

ABOUT THE AUTHOR

...view details