ডিমা হাছাও 18 জানুৱাৰী : 2022 বৰ্ষৰ 19 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি ইতিমধ্যে চূড়ান্ত হৈ পৰিছে (Assam Government's cabinet meeting) ৷ উল্লেখ্য যে, এইবাৰৰ কেবিনেট অনুষ্ঠিত হ'ব হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ৷ সেয়ে মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 14 গৰাকী মুখ্য সচিবৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াৰ সৈতে উপস্থিত হ'ব হাফলঙত (CM Himanta Biswa Sarma in Haflong) ৷
জানিব পৰা মতে, কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত অক্সিজেন প্লাণ্ট স্থাপন কৰা এন এল দাওলাগুপু ষ্টেডিয়াম(NL Daulagupu Stadium of Haflong),হাফলং হ্ৰদৰ ওপৰত নিৰ্মাণ হোৱা জিপ লাইনিং(Zip lining built on Haflong Lake), কৃষি ভৱনৰ লগতে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নতুন ভৱনৰ উদ্বোধন কৰিব ৷
ডিমা হাছাও জিলাক দুই ভাগত বিভক্ত কৰি দুখন নতুন জিলা গঠনৰ দাবীত ইণ্ডিজিনাচ পিপলছ ফ’ৰামে 19 জানুৱাৰীৰ দিনা 12 ঘণ্টাৰ ডিমা হাছাও বন্ধৰ আহ্বান জনাইছিল(Indigenous People's Forum demands bifurcation of Dima Hasao) ।