হাফলং, ১৯ জানুৱাৰী:হাফলং চহৰত অহা ২৩ জানুৱাৰীত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ এটি মূৰ্তি উন্মোচন কৰা হ'ব (Bronze statue of Netaji will be unveiled in Haflong)। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ উদ্যোগত হাফলং চহৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তিটো স্থাপনৰ কাম পূৰ্ণ গতিত চলিছে । অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্মজয়ন্তীত এই ব্ৰঞ্জৰ মূৰ্তিটো উন্মোচন কৰা হ'ব (126th birth anniversary of Subhas Chandra Bose) ।
হাফলং চহৰৰ হাগজাৰ নগৰ কলেজ ৰোড আৰু হাফলং টেক্সি ষ্টেণ্ডৰ মাজ মজিয়াত দিনে-নিশাই নেতাজীৰ মূৰ্তিটো স্থাপনৰ কাম চলি আছে । ইপিনে, সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে নেতাজী জন্মজয়ন্তী উদযাপন কমিটীয়ে তিনিদিনীয়া কৰ্মসূচী হাতত লৈছে । অহা ২১ জানুৱাৰীৰ পৰা এই জন্মজয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব । কাৰ্যসূচী অনুসৰি ২১ জানুৱাৰীত উদ্বোধন কৰা হ'ব ইণ্টাৰ ক্লাব বাস্কেট বল প্ৰতিযোগিতা ।
আনহাতে, অহা ২২ জানুৱাৰীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ত আয়োজন কৰা হ’ব এটা ৰক্তদান শিবিৰো । তদুপৰি হাফলং অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূলো বিতৰণ কৰা হ'ব বুলি আয়োজক কমিটীয়ে সদৰি কৰিছে । বিয়লি ইণ্টাৰ ক্লাব বাস্কেটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব ।