হাফলং, ২৬ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময় গ্ৰন্থমেলা অনুষ্ঠিত হ'লেও ডিমা হাছাও জিলাত আজিলৈকে কোনো ধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত হোৱা নাই । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা যৌথভাৱে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং সাংস্কৃতিক ভৱনত অহা ১ অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা আৰম্ভ হ'ব । এই গ্ৰন্থমেলা চলিব ৭ অক্টোবৰলৈকে । এতিয়া এই গ্ৰন্থমেলাৰ প্ৰস্তুতি চলিছে তীব্ৰ গতিত ।
অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম গ্ৰন্থমেলাৰ বাবে সম্পূৰ্ণ সাজু হৈছে উদ্যোগতাসকল । প্ৰথমবাৰৰ বাবে এনে ধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব হাফলঙত । এই অসম গ্ৰন্থমেলাকলৈ হাফলঙৰ সাহিত্য অনুৰাগীৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে । এই অসম গ্ৰন্থমেলাত সাহিত্য আৰু সাংস্কৃতিক বিষয়ক আলোচনা চক্ৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অসম গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিতাপ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে ।