ডিমা হাছাও, ২৩ ডিচেম্বৰ: ক'ভিডৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে সাৱধনতা অৱলম্বন কৰি বৰদিন পালন কৰিবলৈ সাজু হৈছে ডিমা হাছাওৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল । হেঁপাহৰ উৎসৱটিক লৈ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে জিলাখনত । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌদিশ । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ গীৰ্জাবোৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে(Churches decked up for Christmas in Dima Hasao) ।
চহৰখনত থকা বসগৃহবোৰো বিভিন্ন সামগ্ৰীৰে নতুন ৰূপত সজাোৱা হৈছে । ঘৰে ঘৰে ৰঙীন লাইটেৰে সজোৱা হৈছে খ্ৰীষ্টমাছ ট্ৰি । আলোকিত কৰি তোলা হৈছে গীৰ্জাসমূহ । শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া খ্ৰীষ্টমাছ ইভৰ বাবে এতিয়া ব্যপক প্ৰস্তুতি চলিছে পাহাৰীয়া জিলাখনত(Preparation for Christmas Eve in Dima Hasao) ।