অসম

assam

ETV Bharat / state

Erosion in Dima Hasao : আশ্ৰয় শিৱিৰ পৰিদৰ্শন শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ - বান আৰু ভূমিস্খলন

প্ৰকৃতিৰ ৰোষত দ্বিতীয়বাৰ ডিমা হাছাও (Natural disaster in Dima Hasao) ৷ এমাহৰ ভিতৰতে দুবাৰকৈ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে ডিমা হাছাও ।

আশ্ৰয় শিৱিৰ পৰিদৰ্শন শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ
power-minister-nandita-garlosa-visited-flood-area-in-dima-hasao

By

Published : Jun 19, 2022, 5:18 PM IST

ডিমা হাছাও, 19 জুন:প্ৰকৃতিৰ ৰোষত দ্বিতীয়বাৰ ডিমা হাছাও (Natural disaster in Dima Hasao) ৷ বান আৰু ভূমিস্খলনৰ ফলত ডিমা হাছাও জিলাত (Erosion in Dima Hasao )এতিয়া ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ এমাহৰ ভিতৰতে দুবাৰকৈ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে পাহাৰৰ ৰাণী খ্যাত ডিমা হাছাও ।

ভূমিস্খলন আৰু বানৰ কৱলত পৰি কেইবা শতাধিক লোক এতিয়া গৃহহীন হৈ আশ্ৰয় লৈছে বিভিন্ন আশ্ৰয় শিবিৰত । শনিবাৰে দিয়ুংবৰা অঞ্চলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই বন্যাৰ্তৰ সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ ফালৰ পৰা সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে (Power Minister Nandita Garlosa visited Dima Hasao )৷

ইপিনে বৰষুণৰ ফলত হাজাদিচা -নাবলাইদিছা ঘাইপথটোৰ এক বৃহৎ অংশ খহি পৰে ৷ ফলত গাঁওসমূহত বাস কৰা বাসিন্দা সকলে প্ৰচণ্ড দুৰ্ভোগৰ সন্মুখীন হৈছে ৷ ইয়াৰ সমান্তৰালকে বান আৰু ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ, ৰে'লপথ বন্ধ হৈ পৰাৰ ফলত জিলাখনৰ লগত বহিঃজিলাসমূহৰ যোগাযোগ সম্পূৰ্ণ বিছিন্ন হৈ পৰিছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ডিমা হাছাও জিলা এনেকুৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা নাছিল ৷

লগতে পঢ়ক:Assam floods: বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details