ডিমা হাছাও, 29 জুলাই :ডিমা হাছাও জিলাত পাৱাৰ গ্ৰীডৰ এজন জুনিয়ৰ মেনেজাৰক বিনা কাৰণত অসম আৰক্ষী বেটেলিয়নৰ 9 গৰাকী জোৱানে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে (Power Greed Junior Manager beaten by APBN Jowan) । ঘটনাটো সংঘটিত হৈছে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী উমৰাংচুত (Dima Hasao industrial city Umrangsu) । উক্ত ঘটনাৰ পিছতে পাৱাৰ গ্ৰীডৰ ভুক্তভোগী জুনিয়ৰ মেনেজাৰে উমৰাংচু আৰক্ষী থানাত অসম আৰক্ষীৰ 9 গৰাকী জোৱানক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰে । কিন্তু তাৰ পিছতো আৰক্ষীয়ে আজিলৈকে এই সন্দৰ্ভত কোনো গোচৰ নথিভুক্ত নকৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য, ঘটনাটো সংঘটিত হোৱাৰ সময়ত অসম আৰক্ষীৰ জোৱানকেইজন নিচাগ্ৰস্ত অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচাই (Drunken APBN Jowan beaten Power Greed Junior Manager) । ভুক্তভোগী জুনিয়ৰ মেনেজাৰগৰাকীয়ে দিয়া তথ্য অনুসৰি, তেওঁ যোৱা 24 জুলাইত তেওঁৰ কৰ্তব্য শেষ কৰি কাৰ্যালয়ৰ পৰা তেওঁৰ মটৰচাইকেলেৰে উমৰাংচু বজাৰলৈ অহাৰ সময়ত উমৰাংচু 16 কিলো এলেকাত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ (Dalmia Cement Factory) সন্মুখত এই ঘটনা সংঘটিত হয় ।
ঘটনাৰ বিবৱৰণী মতে, যোৱা 24 জুলাইত ঘটনাটো সংঘটিত হোৱাৰ সময়ত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা ধনেশ্বৰ ৰায় নামৰ অসম আৰক্ষীৰ জোৱানজনে অসামৰিক পোছাকত নিশাগ্ৰস্ত অৱস্থাত ৰাস্তাত কুকুৰক শিলগুটি নিক্ষেপ কৰি আছিল । সেই সময়তে উক্ত পথেৰে যোৱা এইচজিচিএল তথা পাৱাৰ গ্ৰীডৰ জুনিয়ৰ মেনেজাৰ পাইচৰিংদাও জৰচাক উক্ত শিলে আহি আঘাত কৰে । তেতিয়া তেওঁ এপিবিএন জোৱানজনক তেনেদৰে পথত শিলগুটি নদলিয়াবলৈ অনুৰোধ জনায় ।