অসম

assam

ETV Bharat / state

হাফলং সমষ্টিত পুনৰ ভোট গ্ৰহণৰ সম্ভাৱনা - 181 গৰাকী ভোটাৰ

ডিমা হাছাও জিলাৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ 107(এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে । 2য় পৰ্যায়ত হোৱা 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ 107 (এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত মুঠ ভোটাৰৰ সংখ্যা আছিল 90 গৰাকী; কিন্তু এই ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান হ’ল 181 টা ৷

possibilities for  revoting in half long constituencies
হাফলং সমষ্টিত পুনঃ ভোট গ্ৰহণৰ সম্ভাৱনা

By

Published : Apr 8, 2021, 5:54 PM IST

ডিমা হাছাও, 8 এপ্ৰিল: ডিমা হাছাও জিলাৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ 107(এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণ হোৱাৰ সম্ভাৱনা দেখা গৈছে । নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ভোট গ্ৰহণৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই যদিও জিলা নিৰ্বাচন কাৰ্যালয়ৰ সূত্ৰে জানিব পৰা মতে অহা 20 এপ্ৰিলত 107(এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত পুনৰ ভোট গ্ৰহণ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, 2য় পৰ্যায়ত হোৱা হাফলং সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ 107 (এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত মুঠ ভোটাৰৰ সংখ্যা আছিল 90 গৰাকী; কিন্তু এই ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান হ’ল 181 টা ৷ ভোট গ্ৰহণ কেন্দ্ৰটোত ভোটৰ বিসংগতি ধৰা পৰাৰ পিছতেই 5 গৰাকীকৈ নিৰ্বাচনী বিষয়াক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । জানিব পৰা মতে, এই ভোট গ্ৰহণ কেন্দ্ৰটোত বিহুৰ পিচতে অহা 20 এপ্ৰিলত পুনৰ ভোট গ্ৰহণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :বিধানসভাৰ সদস্যপদ হেৰুৱাব পাৰে মুখতাৰ আনছাৰীয়ে

ABOUT THE AUTHOR

...view details