অসম

assam

By

Published : Jun 8, 2019, 11:34 PM IST

ETV Bharat / state

শিক্ষাৰ ক্ষেত্ৰত কঠোৰ নীতি ডিমা হাছাও প্ৰশাসনৰ !

গাঁৱৰ বিদ্যালয়ত শিক্ষাদানৰ অনীহা আৰু চহৰত থাকি দিন অতিবাহিত কৰা শিক্ষক সকলোকে এতিয়া গাঁৱত যিবিলাক নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নাই সেইবিলাক বিদ্যালয়ত এতিয়া বদলি কৰা হৈছে । এতিয়াৰ পৰা গাঁৱৰ বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ পৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷

বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ!

ডিমা হাছাও, 8 জুন: ডিমা হাছাও জিলাত ক্ৰমাৎ শোচনীয় হৈ পৰিছে প্ৰাথমিক শিক্ষা ব্যৱস্থা । শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে বহু কেইখন নিম্ন প্ৰাথমিক বিদ্যালয় ৷ বাতৰি প্ৰকাশ পোৱাৰ পাছতহে গা-লৰিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ ও জিলাৰ স্বাস্থ্য বিভাগৰ । পাহাৰীয়া জিলাৰ গাঁৱত বিভিন্ন অজুহাতে শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতিৰ ফলত শিক্ষা ব্যৱস্থা শোচনীয় হৈ পৰিছে । এতিয়াৰ পৰা গাঁৱৰ বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ দ্বাৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷ উল্লেখ্য যে, বিগত 29 মে' ইটিভি ভাৰতত বাতৰি প্ৰকাশ পাইছিল ডিমা হাছাওৰ মাইবাং মহকুমাৰ অন্তৰ্গত ৰংফাংদিছা শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা ৷ উল্লেখ্য যে, দুয়োখন বিদ্যালয়তে বিগত তিনি মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাদান কাৰ্য ৷ তাৰ পাছতেই গা-লৰিল শিক্ষা বিভাগৰ । আনহাতে, এতিয়া ডিমা হাছাওৰ গাঁৱৰ যি সমূহ বিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষাদান কাৰ্য বন্ধ হৈ আছে তেনে বিদ্যালসমূহলৈ শিক্ষক বদলিৰ কাম আৰম্ভ কৰিছে জিলাৰ শিক্ষা বিভাগে । পাহাৰীয়া জিলাৰ প্ৰাথমিক স্তৰত শিক্ষাৰ মানদণ্ড ঘূৰাই অনাৰ ক্ষেত্ৰত এতিয়া কোনো আপোচ নকৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ।

বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ!

ABOUT THE AUTHOR

...view details