অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত হাফলং মুখ্য ডাকঘৰ - হাফলং মুখ্য ডাকঘৰ

যোৱা 30 বছৰ আগতে হাফলং মুখ্য ডাকঘৰৰ বিল্ডিঙটো নিৰ্মাণ কৰা হৈছিল । কিন্তু বৰ্তমানত ডাকঘৰটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । কিন্তু কৰ্তৃপক্ষই এই বিল্ডিখন পুনৰ নিৰ্মাণ বা মেৰামতি কৰাৰ বাবে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে ।

জৰাজীৰ্ণ অৱস্থাত হাফলং মুখ্য ডাকঘৰ
জৰাজীৰ্ণ অৱস্থাত হাফলং মুখ্য ডাকঘৰ

By

Published : Aug 19, 2020, 11:00 PM IST

ডিমা হাছাও, 19 আগষ্ট : জৰাজীৰ্ণ অৱস্থাত পৰিয়াছে হাফলং মুখ্য ডাকঘৰ । দীৰ্ঘদিনৰ পৰা হাফলং চহৰত থকা মুখ্য ডাকঘৰটো জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে । যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা দেখা দিছে ডাকঘৰটোত ৷

যোৱা 30 বছৰ আগতে হাফলং মুখ্য ডাকঘৰৰ বিল্ডিঙটো নিৰ্মাণ কৰা হৈছিল । কিন্তু বৰ্তমানত ডাকঘৰটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । কিন্তু কৰ্তৃপক্ষই এই বিল্ডিখন পুনৰ নিৰ্মাণ বা মেৰামতি কৰাৰ বাবে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে । স্থানীয় গ্ৰাহকৰ অভিযোগ যে, হাফলং আৰু ইয়াৰ ওচৰতে থকা গাঁও সমূহৰ ৰাইজ এই হাফলং মুখ্য ডাকঘৰৰ ওপৰত নিৰ্ভৰশীল বৰ্তমানত এই মুখ্য ডাকঘৰ খনৰ অৱস্থা শোচনীয় হৈ পৰিছে । বৰষুণ দিলে বিল্ডিংৰ ভিতৰত পানী জমা হৈ পৰে ।

জৰাজীৰ্ণ অৱস্থাত হাফলং মুখ্য ডাকঘৰ

কিছুদিন পূৰ্বে বৰষুণৰ বাবে মুখ্য ডাকঘৰখনৰ সকলো কাম-কাজ বন্ধ হৈ পৰিছিল । বিল্ডিং খনৰ এনেকৈ অৱস্থা যিকোনো মুহূৰ্ততে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে । যাৰ বাবে অনতিপলমে হাফলং মুখ্য ডাকঘৰৰ বিল্ডিং খন মেৰামতি বা পুনঃনিৰ্মাণৰ দাবী জনায় গ্ৰাহক সকলে ।

লগতে পঢ়ক :চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details