ডিমা হাছাও, 20 এপ্ৰিল:দেশজুৰি অব্যাহত আছে লক ডাউন ৷ কিন্তু এই লক ডাউনৰ সময়ছোৱাতে নানা অজুহাতেৰে চৰাকাৰী নিয়ম উলংঘা কৰি আহিছে একংশই ৷ এইবাৰ হাফলঙত লক ডাউন অমান্য কৰি আৰক্ষীৰ শাস্তিৰ সন্মুখীন হ'ল এজন যুৱক ৷ উল্লেখ্য যে 20 এপ্ৰিলৰ পিছত লক ডাউন শিথিল কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ কৰা ঘোষণাৰ পিছতে সোমবাৰে হাফলংত লক ডাউন ভংগ কৰি বজাৰলৈ উলাই আহিল একাংশ ৰাইজ ৷ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী ৷ আৰু লক ডাউন অমান্য কৰি বিনা কামত মটৰ চাইকেল লৈ উলাই অহা এগৰাকী যুৱকক ৰাজপথতে শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ৷ ইয়াৰোপৰিও লক ডাউন অমান্য কৰি আৰক্ষীৰ অনুমতি বিহীন ব্যক্তিগত যান বাহনলৈ ৰাজপথত উলাই অহা বহু ব্যক্তিৰ বিৰুদ্ধে গোচৰো ৰুজু কৰে হাফলং আৰক্ষীয়ে ৷
হাফলঙত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ - হাফলং আৰক্ষী
জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে যদিও যেন কৰ'না ভাইৰাছক লৈ সজাগ হোৱা নাই হাফলংৰ ৰাইজ ৷

হাফলঙত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ
হাফলঙত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ
ইপিনে চৰকাৰে দিয়া বিনামূলীয়া চাউল সংগ্ৰহ কৰাৰ বাবে হাফলং ষ্টেটফেডত সামাজিক দুৰত্ব বজায় নাৰাখি চাউল সংগ্ৰহ কৰাৰ বাবে একাশ পুৰুষ মহিলাই ভিৰ কৰা দৃশ্য পৰিলক্ষিত হয় ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত তাৎক্ষণিক ভাৱে আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণত আনে ৷ দেখা গৈছে যে কোভিড 19 ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ,জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে যদিও যেন কৰ'না ভাইৰাছক লৈ সজাগ হোৱা নাই হাফলঙৰ ৰাইজ ৷
লগতে পঢ়কঃ কামৰূপৰ চাংসাৰি এফ চি আই গুদামত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল