ডিমা হাছাং, ২৪ মে': ডিমা হাছাওৰ হাৰেংগাজাও থানাৰ আৰক্ষী বিষয়া অংশুমান ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বন । নিজৰ কামত গাফিলতি কৰা বাবেই বিষয়া গৰাকীক নিলম্বন কৰে ডিমা হাছাং জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে । জয়ন্ত সিঙৰ মন্তব্য অনুসৰি, সন্তোষ হোজাইৰ অপহৰণৰ পিছত 25 জুলাইত সন্তোষ হোজাইৰ পত্নীয়ে হাৰেংগাজাও থানাত এজাহাৰ দিয়াৰ পাচতো অংশুমান ৰাজকুমাৰ নামৰ আৰক্ষী বিষয়া গৰাকীয়ে এজাহাৰ গ্ৰহণ নকৰি নিজৰ কামত গাফিলতি কৰে । যাৰ বাবে দেওবাৰে চাকৰিৰ পৰা পৰা নিলম্বন কৰে বিষয়াগৰাকীক ।
কামৰ গাফিলতিৰ বাবেই নিলম্বন হাৰেংগাজাও থানাৰ আৰক্ষী বিষয়া
দেওবাৰে চাকৰিৰ পৰা নিলম্বন কৰে ডিমা হাছাওৰ হাৰেংগাজাও থানাৰ আৰক্ষী বিষয়া অংশুমান ৰাজকুমাৰক । কামত গাফিলতি কৰাৰ বাবেই ডিমা হাছাওৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে নিলম্বন কৰে বিষয়া গৰাকীক ।
কামৰ গাফিলতিৰ বাবেই নিলম্বন হাৰেংগাজাও থানাৰ আৰক্ষী বিষয়া
উল্লেখ্য যে, বিগত 24 এপ্ৰিলত সন্তোষ হোজাইক এটি পাঁচজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যোৱাৰ পিছত 30 এপ্ৰিলত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল লাংটিং আৰক্ষীয়ে।