ডিমা হাছাও, 19 ফেব্ৰুৱাৰী : পিৰামল ট্ৰাষ্টে মিনিষ্ট্ৰী অব্ ট্ৰাইবেল এফেয়াৰছ্ আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ বিভাগৰ লগত মিলি ক’ভিড আৰু যক্ষ্মাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰু ক’ভিড ৰোগৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে অসমৰ 7 খন জিলা সামৰি হাতত লৈছে এক নতুন কাৰ্যসূচী (Piramal trust launch campaign for home care support to covid and TB patients ) ৷ এই কাৰ্যসূচীক ‘আশ্বাসন’ নামেৰে নামাকৰণ কৰা হৈছে বুলি পিৰামল ট্ৰাষ্টৰ North East Zonal Lid উত্তৰ পূৱৰ দায়িত্বত থকা তফিকুল মালিকে জানিবলৈ দিয়ে (A new campaign of Piramal Trust called Assurance ) ৷
তেওঁ সাংবাদিকৰ আগত কয় যে, ডিমা হাছাওৰ লগতে 7 খন জিলাত এই কাৰ্যসূচী লোৱা হৈছে ৷ শনিবাৰৰ পৰা ডিমা হাছাও জিলাত এই কাৰ্যসূচী আৰম্ভ হৈছে । প্ৰতিটো ব্লকতে মোবাইল ভেনত দুজনকৈ কৰ্মী থাকিব ৷ তেওঁলোকে জিলাৰ 2 জন চুপাৰভাইজাৰৰ লগত মিলি গাঁওসমূহত সক্ৰিয় যক্ষ্মা ৰোগীৰ চিনাক্তকৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব ।