ডিমা হাছাও,7 এপ্ৰিলঃ মঙলবাৰে পুৱাৰ পৰা হাফলঙৰ শাক-পাচলি বজাৰত খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে লক ডাউন অমান্য কৰি ভিৰ কৰে অধিকাংশ ৰাইজে ৷ এই কাণ্ডৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে পাচলি বজাৰখনত উপস্থিত হয় ৷ সামাজিক দূৰত্ব বজায় ৰাখি শাক-পাচলি ক্ৰয় কৰে সাধাৰণ ৰাইজে ।
হাফলঙৰ পাচলি বজাৰত জনতাৰ অভাৱনীয় ভিৰ - লক ডাউন
13দিন অতিক্ৰম কৰা লক ডাউনৰ ফলত সকলো অঞ্চলতে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । খাদ্য সামগ্ৰীৰ সংকটত ভোগা ৰাইজে সামগ্ৰী ক্ৰয় কৰাৰ বাবে লক ডাউন অমান্য কৰি বজাৰত ভিৰ কৰে ৷ হাফলঙৰ বজাৰতো একে দৃশ্য দেখা যায় মঙলবাৰে ৷

হাফলঙৰ পাচলি বজাৰত জনতাৰ অভাৱনীয় ভিৰ
হাফলঙৰ পাচলি বজাৰত জনতাৰ অভাৱনীয় ভিৰ
উল্লেখ্য যে,ডিমা হাছাও জিলাত প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আৰু শাক-পাচলিৰ দোকানসমূহ পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈ খোলা ৰখাৰ নিৰ্দেশ দিছে ৷ কিন্তু ৰাইজে চৰকাৰী নিৰ্দেশ নামানি লক ডাউন অমান্য কৰি বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷
লগতে চাওকঃৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা