ডিমা হাচাও, 7 জুলাই: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ডিমা হাচাওত প্ৰতিবাদ ৷ জানিব পৰা মতে, ইষ্ট-ৱেষ্ট কৰিড’ৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাওৰ ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামে ৷ কোম্পানীটোক তিনি দিনৰ ভিতৰত ডিমা হাছাও জিলা এৰি যোৱাৰ সকিয়নী প্ৰদান কৰিছে ফ’ৰামে ৷
ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাছাও জিলাৰ নিৰিমবাংলাৰ পৰা হাৰেংগাজাও লৈকে 49 কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোক ৷ বিগত 6 জুনৰ পৰা এই নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰিমবাংলাৰ পৰা হাৰেংগাজাও লৈকে 27 খন গাঁৱৰ ক্ষতিগ্ৰস্ত লোকসকলক প্ৰাপ্য ক্ষতিপূৰণ আদায় নিদিয়াৰ বাবে বৃহস্পতিবাৰে ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলে মাহুৰত 27 নম্বৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কামত যুক্ত দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ কাৰ্যালয় ঘেৰাও কৰি ক্ষতিগ্ৰস্তলোকসকলক অনতিপলমে ভূমিৰ ক্ষতিপূৰণ মোকোলাই দিয়াৰ দাবী জনায় ।