ডিমা হাছাও, 1 এপ্ৰিল: দিনৰ তিনি বজালৈকে হাফলং বিধানসভা সমষ্টিত ভোট প্ৰদানৰ হাৰ 46 শতাংশ বুলি জানিব পৰা গৈছে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হাফলং সমষ্টিত ভোট গ্ৰহণ চলিছে ৷ পাৰ্বত্য জিলাখনৰ পৰা এতিয়ালৈ কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই ৷ শান্তিপূর্ণভাৱে চলিছে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷
হাফলঙত শান্তিপূর্ণভাৱে সম্পন্ন ভোট গ্ৰহণ প্ৰক্ৰিয়া - বিজেপি প্ৰাৰ্থী
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে হাফলং সমষ্টিত ভোট গ্ৰহণ । প্ৰতিকূল বতৰৰ বাবে সমস্যাত পৰিছে ভোটাৰসকল ৷
হাফলঙত শান্তিপূর্ণ ভাৱে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া
যোৱা দুদিনৰ পৰা প্ৰতিকূল বতৰৰ বাবে কিছু সমস্যাত পৰিবলগা হৈছে ভোটাৰ সকল ৷ জিলা প্ৰশাসনৰ তৎপৰতাত ডিমা হাছাও জিলাত সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে ৷ হাফলং সমষ্টিত মূল যুঁজ হৈছে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচা আৰু কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ মাজত ।
লগতে পঢ়কঃদ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 15গৰাকীকৈ হেভীৱেট প্ৰাৰ্থী