ডিমা হাছাও, ২৭ জুন :বছৰৰ প্ৰথমটো বানত ডিমা হাছাও (Dima Hasao District) জিলাত প্ৰকৃতিয়ে চলোৱা ধ্বংসাত্মক লীলা এতিয়াও পাহৰিব পৰা যোৱা নাই । উক্ত বানত একপ্ৰকাৰ জহি-খহি গৈছিল পাহাৰীয়া জিলাখনৰ যোগাযোগ ব্যৱস্থাকে ধৰি আন্তঃগাঁথনি । ৰে'ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যবোৰলৈও যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে । তাৰ মাজতে ৰে'ল বিভাগে যুদ্ধকালীন গতিৰে কাম কৰি ৰে'ল যোগাযোগ পুনৰ সক্ৰিয় কৰিবলৈ আগবাঢ়িছে ।
তাৰ অংশ হিচাবে মঙলবাৰ পুৱা 7.20 বজাত শিলচৰৰ পৰা নিউ হাফলঙৰ উদ্দেশ্যে যাত্ৰা কৰিব এখন বিশেষ যাত্ৰীবাহী ৰে'ল । এই ৰে'লখন নিউ হাফলং ষ্টেচনত আহি উপস্থিত হ'ব দিনৰ 11.30 মান বজাত আৰু বিয়লি 3.30 বজাত পুনৰ নিউ হাফলঙৰ পৰা যাত্ৰীবাহী ৰে'লখনে যাত্ৰা কৰি নিশা 8.30 মান বজাত শিলচৰত উপস্থিত হ'ব । এই ৰে'লখনে 11 টা দবা লৈ প্ৰতিদিনেই শিলচৰৰ পৰা নিউ হাফলং-শিলচৰৰ মাজতে চলাচল কৰিব বুলি ৰে'ল বিভাগৰ সূত্ৰত প্ৰকাশ ।