অসম

assam

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি

By

Published : Nov 25, 2019, 4:17 AM IST

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয় । এক সংবাদমেলযোগে এই মন্তব্য কৰে বিজেপিৰ জিলা সভাপতি নিপোলাল হোজাইয়ে ৷

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি

ডিমা হাছাও 24 নৱেম্বৰ: দেওবাৰে সন্ধিয়া হাফলং বিজেপি কাৰ্যালয়ত এখন সংবাদমেল আহ্বান কৰি ডিমা হাছাও জিলা বিজেপিৰ সভাপতি তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ ই এম নিপোলাল হোজাইয়ে কয় ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন কেতিয়াও নহয় । ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ডিমা হাছাও জিলাত কাৰ্যকৰী নহয় বুলি সংবাদ মেলত সদৰী কৰে নিপোলাল হোজাইয়ে । জিলা বিজেপি সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰি কয় 2021 ৰ বিধানসভা নিৰ্বাচন আহিছে কিন্তু এতিয়া বিৰোধী কংগ্ৰেছ দলৰ ওচৰত কোন ইছ্যু নোহোৱাৰ বাবে দলটোৱে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে । নিপোলাল হোজাইয়ে সংবাদমেলখনত স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আশ্বস্ত কৰা হৈছে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাত কেতিয়াও পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয় ৷

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি
ইয়াৰোপৰি সংবাদমেলত নিপোলাল হোজাইয়ে কয় যে ডিমা হাছাও জিলাত পৰিষদৰ অধীনত নিজস্ব ভূমি আইন থকাৰ বাবে পাহাৰীয়া জিলাখনত কেব কাৰ্যকৰী নহয় । সভাপতিগৰাকীয়ে লগতে কংগ্ৰেছ দলে ডিমা হাছাও জিলাত ডিটেনচন কেম্প স্থাপন কৰা হ'ব বুলি ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ কিন্তু এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন কিয়নো, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ডিমা হাছাও জিলাত ডিটেনচন কেম্প স্থাপনৰ বাবে কোনো ভূমিৰ আবন্টন নিদিয়ে বুলি আজি সংবাদ মেলত স্পষ্ট কৰি দিয়ে বিজেপিৰ ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজাইয়ে । তদুপৰি কংগ্ৰেছ দলৰ এই ধৰণৰ অপপ্ৰচাৰৰ তীব্ৰ গৰিহণা দিয়ে বিজেপিৰ জিলা সভাপতি গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details