হাফলং, 6 আগষ্ট: বিৰোধী শূণ্য হ'ল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ (Zero opposition North cachar Autonomous Council) । পাৰ্বত্য পৰিষদৰ একমাত্ৰ কংগ্ৰেছ সদস্য তথা ডেনিয়েল লাংথাচাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিচতে বিৰোধী শূণ্য হৈ পৰিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব পৰিষদত বর্তমান ক্ষমতাত আছে বিজেপি দল ৷ 30 জন সদস্য বিশিষ্ট পাৰ্বত্য পৰিষদত বিজেপিৰ সদস্য সংখ্যা হৈছে 29 জন আৰু বিৰোধী কংগ্ৰেছ দলৰ সদস্য আছিল মাত্ৰ এজন ৷ কিন্তু শুক্ৰবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ ঘোষণা কৰে পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচায়(Resignation from Congress party) ।
শুক্ৰবাৰে কংগ্ৰেছ নেতা তথা পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি ডিমা হাছাও জিলা কংগ্ৰেছলৈ এখন পত্ৰ প্ৰেৰণ কৰে । বিগত কিছুদিন ধৰি জিলাখনৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচা ৷