অসম

assam

ETV Bharat / state

ৰাজ্যৰ অনগ্ৰসৰ এলেকাত প্ৰভাৱ পেলাব পৰা নাই অনলাইন শিক্ষাই

2009 চনত ডিএইচডি জুৱেল গোট অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ ঘূৰি অহাৰ পাচত ডিমা হাছাও জিলাত লাহে লাহে উন্নয়নৰ কাম আৰম্ভ হৈছে ৷ তথাপিও কিন্তু এই পাহাৰীয়া জিলা খনৰ বিভিন্ন গ্ৰাম্যাঞ্চলত বৰ্তমানেও নাই সুগম পথ, নাই বিদ্যুৎ সেৱা, দুৰ্বল ম'বাইল নেটৱৰ্ক । জিলাৰ বিভিন্ন গাঁও সমূহৰ অন্তঃগাঁথনি ইমানেই দুৰ্বল যাৰ বাবে অনলাইন শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।

online classes couldn't make impact on remote areas
online classes couldn't make impact on remote areas

By

Published : Aug 6, 2020, 10:42 PM IST

ডিমা হাছাও, 6 আগষ্ট : কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱে স্থৱিৰ কৰি পেলাইছে মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা ৷ ব্যৱসায় বাণিজ্যৰ লগতে ইয়াৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে শিক্ষাব্যৱস্থাত ৷ লক্ ডাউনৰ বাবে ব্যাঘাত জন্মিছে শিক্ষাদান অথবা শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত ৷ সমগ্ৰ দেশতে অন লাইন পদ্ধতিৰে পাঠদান পথ অৱলম্বন কৰিব লগীয়া হৈছে ৷ কিন্তু অন লাইন প্ৰক্ৰিয়াই স্পৰ্শ কৰিব পৰা নাই দেশ তথা ৰাজ্যৰ বহু সংখ্যক অনগ্ৰসৰ অঞ্চল ৷ ইয়াৰ উদাহৰণ স্বৰূপে আমি ক'ব পাৰোঁ অসমৰ ডিমা হাছাও জিলাৰ কথা ৷

90- ৰ দশকত উগ্ৰপন্থী সমস্যাৰ বাবে উন্নয়ন স্তব্ধ হৈ পৰিছিল ডিমা হাছাও জিলাত । অৱশ্যে 2009 চনত ডিএইচডি জুৱেল গোট অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ ঘূৰি অহাৰ পাচত ডিমা হাছাও জিলাত লাহে লাহে উন্নয়নৰ কাম আৰম্ভ হৈছে ৷ তথাপিও কিন্তু এই পাহাৰীয়া জিলা খনৰ বিভিন্ন গ্ৰাম্যাঞ্চলত বৰ্তমানেও নাই সুগম পথ, নাই বিদ্যুৎ সেৱা, দুৰ্বল ম'বাইল নেটৱৰ্ক । জিলাৰ বিভিন্ন গাঁও সমূহৰ অন্তঃগাঁথনি ইমানেই দুৰ্বল যাৰ বাবে অনলাইন শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।

ৰাজ্যৰ অনগ্ৰসৰ এলেকাত প্ৰভাৱ পেলাব পৰা নাই অন্ লাইন শিক্ষাই

হাফলংৰ পৰা 10 কিলোমিটাৰ দূৰত থকা ডিগ্ৰিক গাঁৱতো বহুতৰ নাই স্মাৰ্ট ফোন ৷ দুই এজনৰ স্মাৰ্ট ফোন থাকিলেও দুৰ্বল নেটৱৰ্ক আৰু বিদ্যুৎ সমস্যাৰ বাবে ডিগ্ৰিক গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন শিক্ষা ল’ব পৰা নাই । অনলাইন শিক্ষাৰ পৰা কোনো ধৰণে লাভান্বিত হোৱা নাই এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী । তাৰোপৰি শিক্ষক-শিক্ষয়ত্ৰীসকলকো দিয়া হোৱা নাই অন লাইন পাঠদানৰ কোনোধৰণৰ প্ৰশিক্ষণ ৷ যাৰফলত পাঠদান কৰিবলৈ অপাৰগ হৈ পৰিছে অঞ্চলটোৰ শিক্ষক-শিক্ষয়ত্ৰীসকলো ৷

ডিমা হাছাও জিলাৰ গাঁও সমূহৰ অন্তঃগাঁথনি দুৰ্বল হোৱাৰ বাবে গাঁৱৰ ল’ৰা-ছোৱালী সকলোৱে অনলাইন শিক্ষা গ্ৰহণ কৰিব পৰা নাই বুলি অভিযোগ কৰে অভিভাবক সকলে ৷ ডিমা হাছাও মাত্ৰ এটা উদাহৰণহে ৷ অসমৰ চুকে-কোণে এনে বহু অঞ্চল আছে য’ত অন লাইন শিক্ষাই পৰ্ভাৱিত কৰিব পৰা নাই ছাত্ৰ-ছাত্ৰীক ৷ চৰকাৰে অন্ লাইন শিক্ষাৰ নিৰ্দেশ দিছে ঠিকেই ৷ কিন্তু পৰ্যাপ্ত সুবিধা অবিহনে এই ব্যৱস্থা কিদৰে ফলপ্ৰসূ হ’ব তাৰ উত্তৰ আছে নে চৰকাৰৰ হাতত ৷

লগতে পঢ়ক :কৰ'ণা মহামাৰীয়ে কোঙা কৰা এখন আদৰ্শ গাঁও!

ABOUT THE AUTHOR

...view details