ডিমা হাছাও, 10 নৱেম্বৰ: দেওবাৰে ডিমা হাছাও জিলাৰ মাহুৰৰ পি লেইকুল গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়থাংগিন লোণকিম নামৰ এজন ব্যক্তিৰ ৷ তথ্য অনুসৰি মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱখনৰ থাংগিন লোণকিম নামৰ লোকজন লেইকুল গাঁৱৰ পৰা ইমপুই গাঁৱলৈ গৈ থকা সময়ত হালি থকা এডাল বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শত আহি থিতাতে মৃত্যুক সাবতি লয় ৷ স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ পৰিষদৰ গাফিলতিৰ ফলতে সংঘটিত হ'ল এই হৃদয়বিদাৰক কাণ্ড ৷ কিন্তু এই কাণ্ডৰ পাছতো ৰাস্তাৰ মাজত পৰি থকা বিদ্যুতৰ তাঁৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যুৎ পৰিষদে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
হাফলঙৰ মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
বিদ্যুৎ পৰিষদৰ কৰ্তব্যত গাফিলতিৰ ভয়াৱহ পৰিণতি ৷ হালি থকা বিদ্যুৎ তাঁৰে প্ৰাণ ললে এজনৰ ৷ ৰাইজৰ অভিযোগ বিদ্যুৎ পৰিষদৰ গাফিলতিৰ ফলতে সংঘটিত হ'ল এই হৃদয়বিদাৰক কাণ্ড
মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু