অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলাত এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ - আৰক্ষী আৰু অসম ৰাইফলছে

ডিমা হাছাও জিলাত এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু অসম ৰাইফলছে এই অভিযান চলাইছিল৷

এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ

By

Published : Sep 11, 2019, 2:13 PM IST

ডিমা হাছাও, 11 ছেপ্টেম্বৰঃমঙলবাৰে মাজ নিশা হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বাগেটৰত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান চলাই নগা বিদ্ৰোহী সংগঠন এনএছচিএন'ৰ সদস্য এজনক গ্ৰেপ্তাৰ কৰে৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু অসম ৰাইফলছে এই অভিযান চলাইছিল৷

ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জনোৱা অনুসৰি আটকাধীন এনএছচিএন'ৰ সদস্যজন ডিমা হাছাওৰ পি পইচা গাঁৱৰ হেইনেমটিউং নিউমে হেইনামটিউং ডিমা হাছাও জিলাত ধনদাবীৰ কাৰ্যত লিপ্ত আছিল৷ হেইনামটিউং পৰা আৰক্ষীয়ে এখন চিম কাৰ্ড জব্দ কৰে৷ ইপিনে আৰক্ষীৰ জেৰাত এনএছচিএন'ৰ সদস্যজনে ডিমা হাছাও জিলাত ধন দাবী কৰাৰ ঘটনাৰ কথা স্বীকাৰ কৰি কয় যে তেওঁ 2008 চনত এনএছচিএন (আইএম)ত যোগদানৰ পিচত 2014 চনত এনএছচিএন (ৰিপাব্লিক)ত যোগ দিয়ে ৷ সম্প্ৰতি হাফলং আৰক্ষীয়ে হেইনামটিউং নিউমেক জেৰা অব্যাহত ৰাখিছে৷

ABOUT THE AUTHOR

...view details