ডিমা হাছাও,1ডিচেম্বৰঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাৰ সন্মুখত এতিয়া নতুন বিপদ । অন্ধকাৰৰ দিশে দেৱলাল গাৰ্লচাৰ ৰাজনৈতিক ভৱিষ্যতো । মঙলবাৰে অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ৰুজু থকা গোচৰৰ অন্তিম খন শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ গোচৰ নং Crl.Pet/1181/2018P/H LCR 3 FILS ৰ অন্তিমখন শুনানি গ্ৰহণ কৰাৰ পিছতে এতিয়া চূড়ান্ত ৰায়দানৰ দিন-বাৰ ঠিক কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
ইপিনে মঙলবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য পূৰনেন্দু লাংথাচা আৰু কাৰ্যনিৰ্বাহক সদস্য নিন্দু লাংথাচাৰ হত্যাৰ গোচৰতো হাফলং চিজেএম-ৰ আদালতে শুনানি গ্ৰহণ কৰে ৷ এই শুনানি গ্ৰহণৰ সময়ত হাজিৰ কৰোৱা হয় চিইএম দেৱলাল গাৰ্লচাক। চিজেএম আদালতে এই হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ দিন অহা 7 ডিচেম্বৰত ধাৰ্য কৰে ৷ তদুপৰি ডিমা হাছাও আৰক্ষীক 7 ডিচেম্বৰত পূৰনেন্দু আৰু নিন্দু হত্যাকাণ্ডৰ শুনানি গ্ৰহণৰ সময়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে ৷