ডিমা হাছাও, 31 আগষ্ট : ডিমা হাছাও জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল অঞ্চলত যোৱা 26 আগষ্টত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাকলৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কিন্তু ঘটনাৰ 4 দিন উকলি যোৱাৰ পাছতো ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে সেই কথা চৰকাৰে স্পষ্ট কৰা নাই ৷ যাৰ বাবে উক্ত ঘটনাক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘাত হোৱাৰ আশংকা ব্যক্ত কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছ দলে ৷ লগতে ঘটনাৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী তুলিছে কংগ্ৰেছে ৷
মন কৰিবলগীয়া যে, এই ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলাৰ লংকাত বৰ্তমানো অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ কাৰণ লংকাৰ 4 গৰাকী ট্ৰাক চালক আৰু উত্তৰ প্ৰদেশৰ এগৰাকী ট্ৰাক চালকৰ উক্ত ঘটনাত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল ৷ এই ঘটনাৰ পিচতে লংকাৰ বিভিন্ন দল সংগঠনে ডিমা হাছাও বিৰোধী স্থিতি গ্ৰহণ কৰিছে ৷ কেৱল ইমানেই নহয় লংকাত এতিয়া ডিমা হাছাও মুর্দাবাদ শ্ল’গান শুনিবলা পোৱা গৈছে ৷
কিন্তু দল-সংগঠন সমূহৰ এনে প্ৰতিবাদৰ পাছতো চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ মুখপাত্ৰ সমৰজিত হাফলংবাৰে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে হোজাই জিলাৰ লংকাৰ উদালিত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ যোগে আহ্বান জনোৱাৰ কথা প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃমেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ
নেতা গৰাকীয়ে কয় যে, ঘটনাৰ 72 ঘণ্টাৰ বেছি সময় উকলি যোৱাৰ পিচতো উক্ত ঘটনাৰ লগত কোন জড়িত হৈ আছে সেইয়া এই পৰ্যন্ত চৰকাৰে স্পষ্ট কৰিব পৰা নাই ৷ এইয়া অতি দুৰ্ভাগ্যজনক কথা ৷ ডিমা হাছাও বিৰোধী কাৰ্যকলাপৰ বাবে আইন শৃংখলা ভংগ হোৱাৰ সম্ভাৱনা আছে ৷
এই অৱস্থাত এই ঘটনাই যাতে সাম্প্ৰদায়িক ৰূপ নলয় আৰু ডিমা হাছাও জিলাৰ ৰাইজ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কংগ্ৰেছ দলে ৷ সংবাদমেলত সমৰজিত হাফলংবাৰে উল্লেখ কৰে যে, ডিমা হাছাও জিলা আৰু হোজাই জিলাৰ ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু শান্তি সম্প্ৰীতি অটুট থাকে তাৰ বাবে দুইখন জিলাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷