অসম

assam

By

Published : Jun 3, 2022, 3:57 PM IST

ETV Bharat / state

শিলচৰত উপস্থিত NIAৰ তিনিজনীয়া দল

বৃহস্পতিবাৰে তিনিজনীয়া NIAৰ দলটো শিলচৰত আহি উপস্থিত হয় (NIA investigating team in Silchar)। শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰোহিংগীয়াক জেৰা কৰিব দলটোৱে । আদালতে ইতিমধ্যে জেৰা কৰিবলৈ অনুমতি দিছে দলটোক ।

NIA
শিলচৰত NIAৰ তিনিজনীয়া দল

ডিমা হাছাও,৩ জুন :কাছাৰ জিলাৰ শিলচৰত এন.আই.এ-ৰ তদন্তকাৰী দল উপস্থিত (NIA investigating team in Silchar)। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ম্যানমাৰৰ নাগৰিকসকলক জেৰাৰ উদ্দেশ্যে শিলচৰত উপস্থিত NIAৰ দলটো । NIAৰ দলটোত তিনিজন সদস্য আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে যোৱা ২৮ মে'ত শিলচৰত ২৬ গৰাকী ম্যানমাৰৰ নাগৰিক তথা ৰোহিংগীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (26 Rohingyas arrested in Silchar)। সম্প্ৰতি শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ম্যানমাৰৰ ৰোহিংগীয়াসকল । সেই ৰোহিংগীয়াসকলক সোধা-পোছাৰ বাবেই বৃহস্পতিবাৰে NIAৰ তদন্তকাৰী দলটো শিলচৰত উপস্থিত হয় (NIA team will interrogate Rohingyas in Silchar)।

ৰোহিংগীয়াসকলক সোধা-পোছাৰ অনুমতি বিচাৰি NIAৰ দলটোৱে আদালতত আবেদন জনাইছে । আদালতেও কাৰাবন্দী ৰোহিংগীয়াক কাৰাগাৰতে সোধা-পোছাৰ বাবে NIAৰ দলটোক অনুমতি দিছে বুলি জানিব পৰা গৈছে । ইফালে জম্মুৰ পৰা শিলচৰলৈ ৰোহিংগীয়া কেইজনক অনা কাছাৰ জিলাৰ জাকিৰ হুছেইন আৰু ৰেজাওল নামৰ আন দুগৰাকী ব্যক্তিৰ সন্ধান উলিয়াব পৰা নাই কাছাৰ আৰক্ষীয়ে । এই দুইগৰাকী ব্যক্তি এতিয়াও পলাতক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে জম্মুৰ পৰা ২৬ গৰাকী ম্যানমাৰৰ নাগৰিক প্ৰথমতে দিল্লী আৰু তাৰ পাছত ৰেলযোগে গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈছিল । গুৱাহাটীৰ পৰা তিনিখন বাহন ভাড়াত লৈ যোৱা ২৮ মে'ত শিলচৰলৈ আহে আৰু নিশা প্ৰায় ২ মান বজাত শিলচৰ চেণ্ট্ৰেল ৰোডত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ।

লগতে পঢ়ক :Rohingya people detained in Silchar : শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক

ABOUT THE AUTHOR

...view details