ডিমা হাছাও, 24 জুন :দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে নিশা হাফলঙত উপস্থিত হয় মন্ত্ৰী যোগেন মহন ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনে হাফলঙৰ বিভিন্ন ক’ভিড প্ৰতিষেধক কেন্দ্ৰত উপস্থিত হৈ তাৰে পৰিস্থিতি বুজ লয় ৷ জিলাখনৰ প্ৰত্যকজন ব্যক্তিয়ে যাতে ক’ভিড টীকাকৰণ লাভ কৰে, এইক্ষেত্ৰত জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷
ইফালে হাফলং অসামৰিক চিকিৎসালয়ত খালী হৈ থকা চিকিৎসকৰ পদসমূহ অতি শীঘ্ৰে পূৰণ কৰিব ৷ নতুনকৈ চিকিৎসকক নিযুক্তি প্ৰদান কৰা হ’ব ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পাৰ্বত্য অঞ্চলৰ উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে ।
হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসকক নিযুক্তি: যোগেন মহন উল্লেখ্য যে, ডিমা হাছাও জিলাত প্ৰায় 1 লাখ 21 হাজাৰ লোকক ক’ভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ জিলাখনত বৰ্তমানলৈকে 50 শতাংশ লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ 30 জুনলৈকে ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্যাহত থাকিব ডিমা হাছাও জিলাত-এই মন্তব্য কৰিছে মন্ত্ৰী যোগেন মোহনে ।
ইফালে নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলসমূহত বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ নগৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পৰাও সম্পূৰ্ণৰূপে ক’ভিড নিৰ্মূল কৰাৰ বাবে যো-জা চলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজকো কিছু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনে ।
লগতে পঢ়ক:'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ