ডিমা হাছাও, 23 জানুৱাৰীঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ মাজৰে হাফলঙত উদযাপন কৰা হয় তেওঁৰ জন্মজয়ন্তী। বৃহস্পতিবাৰে পুৱা 9 বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা নেতাজী জন্মজয়ন্তী উদযাপন সমিতিৰ উদ্যোগত শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাধাৰণ ৰাইজৰ লগতে হাফলঙৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয় ।
শোভাযাত্ৰাৰ পাছতে হাফলং সাংস্কৃতিক ভৱনত আজাদ হিন্দ ফৌজৰ (আইএনএ) ৰ পতাকা উত্তোলন কৰে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰে । পৰৱৰ্তি সময়ত হাফলং সাংস্কৃতিক ভৱনত স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান আৰু জীৱনৰ ওপৰত এখন আলোচনা সভা অনুষ্ঠিত হয় ।