ডিমা হাছাও 19 অক্টোবৰ: উমৰাংচ' কপিলী জল বিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত পাইপ লাইন বিস্ফোৰণৰ 13 দিন পাৰ হোৱাৰ পিছত ও নিপকোৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰীৰ আজিলৈকে কোনেও সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে । যোৱা 7 অক্টোবৰ কপিলী জল বিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী পাইপ লাইনত বিস্ফোৰণ হোৱাৰ ফলত সন্ধানহীন হৈ পৰিছিল নিপকোৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী। কপিলী জলবিদ্যুৎ প্ৰকল্প স্থলীত 5 দিন পিছত পানীৰ স্তৰ হ্ৰাস পোৱাৰ পিছত এন ডি আৰ এফ আৰু এছ ডি আৰএফে উদ্ধাৰ অভিযান আৰম্ভ কৰিলেও এই পৰ্যন্ত নিপকোৰ চাৰিজন কৰ্মীৰ কোনে শুং সূত্ৰ উলিয়াব পৰা নাই ।
ক'লৈ গ'ল নীপকোৰ জলবিদ্যুত প্ৰকল্পৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী ? - KAPILI HYDRO POWER PROJECT UMRAXSHU
এন ডি আৰএফ আৰু এছ ডি আৰএফৰ ধাৰাবাহিক অভিযানৰ পিচতো উদ্ধাৰ হোৱা নাই সন্ধানহীন নীপকোৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী ৷ যোৱা 7 অক্টোবৰ কপিলী জল বিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী পাইপ লাইনত বিস্ফোৰণ হোৱাৰ ফলত সন্ধানহীন হৈ পৰিছিল নিপকোৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী । 13 দিন পাৰ হোৱাৰ পিছতো নোলাল কোনো শুংসূত্ৰ ৷ ক্ষুব্ধ ৰাজ্যৰ দল সংগঠন ৷

ইপিনে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । নিপকো কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি দুই এদিনৰ ভিতৰতে সন্ধানহীন অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব উদ্ধাৰকাৰী দলে । এতিয়া প্ৰাথমিক লক্ষ্যই হৈছে সন্ধানহীন অভিযন্তাসহ চাৰিজন কৰ্মীক উদ্ধাৰ কৰা । ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰজখোৱাই জনোৱা অনুসৰি নিপকোৰ অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰীক উদ্ধাৰৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা হৈছে ৷ ইতিমধ্যে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰকাৰী দলে ।
উল্লেখযোগ্য হাফলঙৰ পৰা 140 কিলোমিটাৰ দূৰত থকা উমৰাংচো কপিলী জল বিদ্যুৎপ্ৰকল্প স্থলীত যোৱা 7 অক্টোবৰত জল পৰিবাহী পাইপ লাইন বিস্ফোৰণ হোৱাৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈ নিপকোৰ 800 মিটাৰ এলেকা আৰু নিপকো পাৱাৰ হাউচৰ ৯০ শতাংশ ছিষ্টেম ধ্বংস হৈ পৰিছিল। পুনৰাই এই প্ৰকল্পক সুচল কৰি তুলিবলৈ সাত মাহৰো বেছি সময়ৰ প্ৰয়োজন হ'ব বুলি নিপকো কৰ্তৃপক্ষই জানিবলৈ দিয়ে । কিন্তু ইমান ভয়ংকৰ দুৰ্ঘটনাৰ পিছত আজি ১৩ দিন পাৰ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই লৈ বিশেষ কোনেও পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ দল সংগঠন ৷