অসম

assam

By

Published : Oct 21, 2019, 7:18 PM IST

Updated : Oct 21, 2019, 8:02 PM IST

ETV Bharat / state

অৱশেষত সফলতাৰ মুখ দেখিলে NDRF য়ে, উদ্ধাৰ দুজন কৰ্মচাৰীৰ মৃতদেহ

7 অক্টোবৰত কপিলী জল বিদ্যুত প্ৰকল্পৰ পাইপলাইনত হৈছিল বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ ফলত পানীৰ কোৱান সোঁতত উটি গৈছিল এজন অভিযন্তাকে ধৰি 4 জন কৰ্মচাৰী ৷ 14 দিনৰ অন্তত NDRF ৰ সাফল্য ৷ সোমবাৰে পুৱা প্ৰায় 11:45 বজাত কপিলী জল বিদ্যুত প্ৰকল্পৰ সন্মুূখৰ G2 ফ্লৰৰ চুৰিৰ পৰা উদ্ধাৰ কৰা হয় জয় সিং টাৰ’ৰ মৃতদেহ আৰু দ্বিতীয়টো মৃতদেহ প্ৰকল্পটোৰ দ্বিতীয় মহলৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ উদ্ধাৰ হোৱা লোকজনক ৰবাৰ্ট বাইটীয়া বুলি চিনাক্ত কৰা হৈছে ৷

14 দিনৰ অন্তত NDRF ৰ সাফল্য

নতুল দিল্লী, 21 অক্টোবৰ: 14 দিনৰ অন্তত NDRF ৰ সাফল্য ৷ সোমবাৰে পুৱা প্ৰায় 11:45 বজাত কপিলী জল বিদ্যুত প্ৰকল্পৰ সন্মুখৰ G2 ফ্লৰৰ চিৰিৰ পৰা উদ্ধাৰ কৰা হয় জয় সিং টাৰ’ৰ মৃতদেহ ৷ কপিলী জল বিদ্যুত প্ৰকল্পত NEEPCOৰ মেকানিকেল অপাৰেটৰ হিচাপে কৰ্মৰত আছিল টাৰ’ ৷ ইয়াৰ লগতে পুৱা প্ৰকল্পটোৰ দ্বিতীয় মহলৰ পৰা উদ্ধাৰ কৰা হৈছে ৰবাৰ্ট বাইটীয়াৰ মৃতদেহ ৷ ই টি ভি ভাৰতক এই বিষয়ে অৱগত কৰে NDRFৰ চেকেণ্ড-ইন-কামাণ্ড আৰ.এচ.গীলে ৷

14 দিনৰ অন্তত NDRF ৰ সাফল্য


উল্লেখযোগ্য যে, 7 অক্টোবৰত কপিলী জল বিদ্যুত প্ৰকল্পৰ পাইপলাইনত হৈছিল বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ ফলত পানীৰ কোৱাল সোঁতত উটি গৈছিল এজন অভিযন্তাকে ধৰি 4 জন কৰ্মচাৰী ৷ এই ঘটনাৰ পিছতে প্ৰায় 60 জন শ্ৰমিক নিয়োগ কৰা হৈছিল উদ্ধাৰ অভিযানত ৷ উচ্চ প্ৰযুক্তি সম্পন্ন জে চি বি আৰু পাম্প মেচিন ব্যৱহাৰ কৰা হৈছিল উদ্ধাৰ অভিযানত ৷ চাৰিমহলীয়া কপিলী জল বিদ্যুত প্ৰকল্পৰ তিনিটা মহলতে পাইপলাইন বিস্ফোৰণৰ ফলত ভৰি পৰিছিল বোকা যাৰ বাবে উদ্ধাৰ অভিযান অধিক জটিল হৈ পৰিছিল ৷

জল বিদ্যুত প্ৰকল্প হোৱাৰ বাবে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল NDRF, এই কথা জনাই চেকেণ্ড-ইন-কামাণ্ড গীলে ৷ তেঁও লগতে কয় যে, স্থানীয় লোকে প্ৰথম অৱস্থাত NDRF ক সহযোগ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত জিলা প্ৰশাসনৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে ৷ NEEPCO CMD ভি কে সিঙে জনাই যে কপিলী নৈৰ ওচৰত চলি থকা অবৈধ কয়লা খননৰ ফলতে এই বিস্ফোৰণ সংঘটিত হৈছিল ৷

Last Updated : Oct 21, 2019, 8:02 PM IST

ABOUT THE AUTHOR

...view details