অসম

assam

ETV Bharat / state

বিজেপিক উৎখাত নকৰিলে চেমখৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ'ব : তৃণমূল কংগ্ৰেছ - NCHAC election 2024

NCHAC election 2024: ৮ জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰ কৰ্মীৰ বাহন আৰু মটৰ চাইকেলত দুৰ্বৃত্তই আক্ৰমণক নিন্দা তৃণমূল কংগ্ৰেছৰ ।

TMC criticised BJP
তৃণমূল কংগ্ৰেছৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 3:30 PM IST

তৃণমূল কংগ্ৰেছৰ সংবাদমেল

হাফলং, ২৭ ডিচেম্বৰ:২০২৪ চনৰ ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰচাৰ অভিযান তুংগত উঠিছে । কংগ্ৰেছ, বিজেপিৰ পৰা আৰম্ভ কৰি তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ইয়াৰ মাজতে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ নিৰ্বাচন কেন্দ্ৰিক হিংসা বৃদ্ধি পাবলৈ ধৰিছে । যোৱা সোমবাৰে নিশা চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডুঙৰ কৰ্মীৰ বাহন আৰু মটৰ চাইকেলত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ইয়াকে লৈ বিভিন্ন দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অসম তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

যোৱা সোমবাৰ নিশা চেমখৰ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ সমৰ্থক সকলে নিৰ্দলীয় প্ৰাৰ্থীৰ দুই কৰ্মীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে নিশা মাইবাং ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰি জ্বলাই দিয়াৰ চেষ্টা চলাই দুৰ্বৃত্তৰ । এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে হাফলং সমষ্টিৰ তৃণমূল নেতা আচিং জেমিয়ে ।

আচিং জেমিয়ে আজি এক সংবাদমেল সম্বোধন কৰি কয় কয় যে সোমবাৰ নিশা চেমখৰ সমষ্টিত সংঘটিত ঘটনা অত্যন্ত দুখঃজনক। আমি আগৰ পৰাই কৈছো যে বিজেপি হ'ল গুণ্ডাৰ দল । বিজেপি দলক উৎখাত কৰিব নোৱাৰিলে এনে ঘটনাৰ পুনৰাবৃত্তি হ'ব । আচিং জেমিয়ে পুনৰ কয় যে এই সন্দৰ্ভত ৰাইজে বুজিব লাগিব, নহ'লে অহা দিনত এনে ধৰণৰ ঘটনা আৰু সংঘটিত হ'ব । তেওঁ কয় যে নিৰ্বাচনক লৈ এনে হিংসাত্মক ঘটনা সংঘটিত হ'ব নালাগে । এই ধৰণৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে হাফলং সমষ্টিৰ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী আচিং জেমিয়ে ।

লগতে পঢ়ক:কংগ্ৰেছ দল গাঁৱৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details