অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ ভয়-ভাবুকি আৰু অপহৰণৰ অভিযোগক ভিত্তিহীন আখ্যা দেৱলাল গাৰ্লোছাৰ - NC Hill BJP Candidate

NC Hills Autonomous Council Election : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হ’বলগীয়া নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হ’ল 6 বিজেপি প্ৰাৰ্থী ৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ অভিযোগ অনুসৰি কংগ্ৰেছ প্ৰাৰ্থীসকলৰ নাম প্ৰত্যাহাৰৰ বাবে ভয়-ভাবুকি দিছিল বিজেপিয়ে ৷ কংগ্ৰেছৰ উক্ত অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই ।

NC Hill election
কংগ্ৰেছৰ অভিযোগৰ বিৰুদ্ধে দেৱলাল গাৰ্লোছাৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 5:18 PM IST

কংগ্ৰেছৰ অভিযোগৰ বিৰুদ্ধে দেৱলাল গাৰ্লোছাৰ সংবাদমেল

হাফলং, 23 ডিচেম্বৰ:অপহৰণ আৰু ভয় ভাবুকি দি কংগ্ৰেছ প্ৰাৰ্থীসকলৰ নাম নিৰ্বাচনৰ পৰা প্ৰত্যাহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ উক্ত অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই ।

শনিবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি দেৱলাল গাৰ্লোছাই কয় যে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ 6 টা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷ সংবাদমেলত তেওঁ কয় যে বিৰোধী দল কংগ্ৰেছে বিজেপি দলৰ বিৰুদ্ধে ভয়-ভীতি প্ৰদৰ্শন আৰু অপহৰণৰ যি অভিযোগ আনিছে সেই অভিযোগসমূহ ভিত্তিহীন ।

পৰিষদৰ হামৰি, গুণজোং, হাৰেংগাজাও, হাজাদিছা, পূৱ মাইবাং আৰু পশ্চিম মাইবাং সমষ্টিৰ যিসকল কংগ্ৰেছ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰি লয় তেওঁলোকক কোনধৰণৰ ভয় ভাবুকি দিয়া হোৱা নাই বুলি মন্তব্য কৰে দেৱলাল গাৰ্লোছাই।

তেওঁলোকে নিজে নিজেই তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰি লয় বুলি মন্তব্য কৰে দেৱলাল গাৰ্লোছাই ৷ দেৱলাল গাৰ্লোছাই কয়, ‘‘ বহু কংগ্ৰেছ প্ৰাৰ্থীয়ে আমাৰ লগতে যোগাযোগ কৰিছিল তেওঁলোকে নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰিব বুলি কৈ ৷ কিন্তু তেওঁলোকক আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা কৈছিলোঁ । তথাপিও তেওঁলোকে বিজেপিক ভালপাই সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।’’

ইয়াৰোপৰি দেৱলাল গাৰ্লোছাই কয়, ‘‘ বিজেপিৰ উন্নয়নমূলক কামসমূহ দেখি এতিয়া ৰাইজ আমাৰ লগত আছে । অহা পাঁচ বছৰ আমি ৰাইজৰ বাবে আৰু উন্নয়নৰ হকে কাম কৰি যাম ।’’

উল্লেখ্য যে অহা 8 জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ পৰিষদৰ 28 টা সমষ্টিৰ ভিতৰত বাকী থকা 22 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব । আজিৰ সংবাদমেলত উপস্থিত থাকে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বিজেপিৰ প্ৰাৰ্থী ক্ৰমে মনজিৎ নাইডিং, নজিৎ কেম্প্ৰাই, প্ৰজিত হোজাই, আমেন্দু হোজাই, মনজয় লাংথাচা আৰু মোহিত হোজাই ।

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ 6 গৰাকী প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details