অসম

assam

ETV Bharat / state

হাফলঙত উপায়ুক্তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন - অতিৰিক্ত জিলা উপায়ুক্ত

হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত যি সকল নতুন ভোটাৰৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে এই ভোটাৰ সকলক সম্বৰ্ধনা প্ৰদান কৰি এখন চাৰ্টিফিকেট প্ৰদান কৰে জিলা উপায়ুক্ত পল বৰুৱাই ।

national-voter-day-celebration-in-haflong
হাফলঙত উপায়ুক্তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

By

Published : Jan 25, 2021, 7:10 PM IST

ডিমা হাছাও, 25 জানুৱাৰী : হাফলঙত সোমবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত যি সকল নতুন ভোটাৰৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে এই ভোটাৰ সকলক সম্বৰ্ধনা প্ৰদান কৰি এখন চাৰ্টিফিকেট প্ৰদান কৰে জিলা উপায়ুক্ত পল বৰুৱাই ।

জিলা উপায়ুক্ত পল বৰুৱাৰ মন্তব্য

ভোটাৰ দিৱসৰ এই অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে উপস্থিত আছিল অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদোং, ইলেকচন অফিচাৰ হেমাংগ নবিচ আৰু নতুনকৈ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা ভোটাৰ সকল । ইপিনে, জিলা উপায়ুক্ত পল বৰুৱাই সাংবাদিকৰ আগত কয় যে, ডিমা হাছাও জিলাত 18 নৱেম্বৰৰ 2020 লৈকে ভোটাৰ তালিকাত নাম আছিল 1 লাখ 42 হাজাৰ 529 গৰাকী ভোটাৰৰ ।

কিন্তু এতিয়া নতুন ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈছে 3654 গৰাকী ভোটাৰৰ নাম । এতিয়া ডিমা হাছাও জিলাৰ মুঠ ভোটাৰৰ সংখ্যা বৃদ্ধি হৈ হৈছে 1 লাখ 46 হাজাৰ 183 গৰাকী যাৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 73 হাজাৰ 463 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 72 হাজাৰ 720 । লগতে, ডিমা হাছাও জিলাত কোনো ডি ভোটাৰৰ সমস্যা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জিলা উপায়ুক্ত পল বৰুৱাই ।

লগতে পঢ়ক :২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

ABOUT THE AUTHOR

...view details