ডিমা হাছাও, 31 অক্টোবৰ:ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী (Birth anniversary of Sardar Vallabhbhai Patel ) উপলক্ষে ৩১ অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ আয়োজন কৰা হয় (National Unity day 2022) ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে সংগত ৰাখি ডিমা হাছাও জিলাতো ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় ( National Unity day 2022 celebrated in Dima Hasao) ।
ডিমা হাছাও জিলা প্ৰশাসন আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ আৰু একতা দিৱসৰ আয়োজন কৰা হয় ৷ এই দিৱস উপলক্ষে দেশৰ অখণ্ডতা বজাই ৰখাৰ লক্ষ্যৰে শপত বাক্য পাঠ কৰা হয় ।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে হাফলং জিলা খেল পথাৰৰ পৰা একতা দৌৰৰ ফ্লেগঅফ কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে । এই একতা দৌৰত ভাগ লয় ডিমা হাছাও জিলাৰ বিভিন্ন বিদ্যালয় আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকল । একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ (North Cachar Hills Autonomous Council) অধ্যক্ষ ৰানু লাংথাচা, প্ৰধান সচিব টি টি দাওলাগাপু, জিলাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়া জাগীৰ খানৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল ।