ডিমা হাছাও, 19 ফেব্ৰুৱাৰী:হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 1 মাৰ্চৰ পৰা অনিদিষ্টকালৰ বাবে অৱৰোধৰ কৰাৰ হুংকাৰ দিছ NC Hills Indigenous Students' Forumয়ে । শিলচৰ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ বাবদ ক্ষতিপূৰণ দিয়া আৰু জাতিংগাৰ পৰা হাৰেংগাজাও লৈকে ঘাইপথ মেৰামতিৰ দাবীক কেন্দ্ৰী কৰি হাৰেংগাজাওত গাঁৱৰ বাসিন্দা আৰু ছাত্ৰ সংগঠনৰ নেতাসকলৰ মাজত শুকুৰবাৰে এখন সভা অনুষ্ঠিত হয়। এই সভাতে পথ অৱৰোধৰ সিন্ধান্ত গ্ৰহণ কৰে NC Hills Indigenous Students' Forumৰ নেতৃত্বই ৷
উল্লেখ্য যে কেন্দ্ৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ পৰা হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজালৈকে 25 কিলোমিটাৰ পথ মেৰামতিৰ বাবে 54 কোটি টকা আৱন্টন দিছে ৷ কিন্তু জাতিংগাৰ পৰা মিঞাক্ৰ পৰ্যন্ত পথ নিৰ্মাণ কৰি কাম বন্ধ কৰি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।
এই সন্দৰ্ভত NC Hills Indigenous Students' Forumৰ সভাপতি ডেভিড কেভমে কয়, জাতিংগাৰ পৰা মিয়াংক্ৰ লৈকে ঘাইপথ নিৰ্মাণ কাম কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এতিয়া কাম বন্ধ কৰি দিয়াৰ ফলত মিয়াংক্ৰৰ পৰা হাৰেংগাজাও লৈকে পথ নিৰ্মাঁণ কৰা হোৱা নায় ৷ গতিকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক আগন্তুক বাৰিষা অহাৰ আগে আগে এই পথচোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনোৱা হৈছে বুলি সাংবাদিকৰ আগত কয় ডেভিড কেভমে ৷
ইফালে এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবলৈ কেইবাবাৰো দাবী জনোৱা হৈছিল যদিও আজিকোপতি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে Indigenous Students' Forumয়ে ৷ এনে পৰিপেক্ষিততে 28 ফেব্ৰুৱাৰীৰ ভিতৰত এই পথচোৱা নিৰ্মাণৰ কাম আৰম্ভ ন'হলে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো অনিদিষ্টকালৰ বাবে অৱৰোধ কৰা সিন্ধান্ত গ্ৰহণ কৰা হৈছে বুলি Indigenous Students' Forumৰ সভাপতি ডেভিড কেভমে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !