ডিমা হাছাও, 27 অক্টোবৰঃ ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাছাওত ভাঙিল চাৰিলেন যুক্ত ঘাইপথ । মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিং আৰু হাতীখালিৰ মাজত ভাঙি পৰিল চাৰিলেন যুক্ত ঘাইপথ । পাহাৰৰ পৰা নামি অহা পানীৰ সোঁতে ভাঙি লৈ যায় 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 200 মিটাৰ এলেকা ।
কপিলী নৈৰ জলস্তৰ বৃদ্ধি; ডিমা হাছাওত ভাঙিল ৰাষ্ট্ৰীয় ঘাইপথ - flood in dimahasaw
কপিলী নৈৰ পানীয়ে উমৰাংচ'ৰ পৰা 25 কিলোমিটাৰ দূৰত্বত থকা উমৰাংচ'-লংকা পথত থকা লাংকো দলং ভাঙি লৈ যায় । আনহাতে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ ওচৰত জাতিংগা নৈৰ বৰণীয়া পানীয়ে উটুৱাই নিয়ে এখন মিনি ট্ৰাক।

ইপিনে, কপিলী নৈৰ পানীয়ে উমৰাংচ'ৰ পৰা 25 কিলোমিটাৰ দূৰত্বত থকা উমৰাংচ'-লংকা পথত থকা লাংকো দলং ভাঙি লৈ যায় । দলং ভঙাৰ ফলত পানীৰ সোঁতত আবদ্ধ হৈ পৰিল এখন ডামপাৰ গাড়ী । অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই ।
আনহাতে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ ওচৰত জাতিংগা নৈৰ বৰণীয়া পানীয়ে উটুৱাই নিয়ে এখন মিনি ট্ৰাক। উল্লেখ্য যে জাতিংগা নৈৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰে বৈ যোৱাৰ ফলত ঘাইপথৰ কেইবা ঠাইটো পথটো বিস্তৰ ক্ষতি হয়৷ যাৰ ফলত শনিবাৰৰ পৰা হাফলং-শিলচৰ 54 নম্বৰ পথচোৱাত যানবাহন চলাচল বন্ধ হৈ আছে ।