অসম

assam

ETV Bharat / state

পুঁজি আৱণ্টনৰ পিচতো নিৰ্মাণ নহ’ল 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

শিলচৰ-গুৱাহাটীৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে 54 কোটি টকা মুকলি কৰি দিয়াৰ পিচতো এই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ক্ষেত্ৰত বিলম্ব হৈছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ হাফলং আৰু শিলচৰৰ মাজতে জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ অংশ মেৰামতিৰ দায়িত্ব দিয়া হৈছিল ৰত্না ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণকাৰী সংস্থাক ৷

শোচনীয় হৈ পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
শোচনীয় হৈ পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Jul 5, 2021, 4:55 PM IST

Updated : Jul 6, 2021, 6:20 AM IST

ডিমা হাছাও, 5 জুলাই : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰম উদাসীনতাৰ বাবে শোচনীয় হৈ পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । বৰাক উপত্যকা ডিমা হাছাও ত্ৰিপুৰা মণিপুৰ মিজোৰামৰৰ বাবে অতি গুৰুত্বপূৰ্ণ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি বেয়াকৈ অৱস্থাত পৰিণত হৈছে । কিন্তু এই ঘাইপথ মেৰামতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইমান গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে ।

শিলচৰ-গুৱাহাটীৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে 54 কোটি টকা মুকলি কৰি দিয়াৰ পিচতো এই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ক্ষেত্ৰত বিলম্ব হৈছে । এই ৰাষ্ট্ৰীয় ঘাইপথৰ হাফলং আৰু শিলচৰৰ মাজতে জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ অংশ মেৰামতিৰ দায়িত্ব দিয়া হৈছিল ৰত্না ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণকাৰী সংস্থাক ৷ কিন্তু এই নিৰ্মাণ সংস্থাটোৱে নিজে কাম নকৰি ঠিকাভিত্তিক লক্ষ্মী মটৰচ নামৰ শিলচৰৰ এটা সংস্থাক পথ মেৰামতিৰ কামত নিয়োজিত কৰে ৷

পুঁজি আৱণ্টনৰ পিচতো নিৰ্মাণ নহ’ল 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত মিতিৰালি কৰি এই সংস্থাটোৱে ব্যাপক দুৰ্নীতি সংগঠিত কৰি অহাৰ বাবে এই পথছোৱাৰ অৱস্থা শোচনীয় হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে । একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱত এই ৰাষ্ট্রীয় ঘাইপথৰ এই অৱস্থা বুলি অভিযোগ উত্থাপন কৰিছে তেজপুৰৰ পৰা শিলচৰ অভিমুখে যোৱা এগৰাকী ট্ৰাকৰ চালকে । এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা অতি বেয়া হোৱাৰ বাবে প্ৰায় সময়ত পথৰ মাজতে ট্ৰাক আৱদ্ধ হৈ পৰে ৷

ট্ৰাকখন উঠোৱাৰ বাবে ট্ৰাকচালকে দুই হাজাৰৰ পৰা 2,500 টকা দিব লগীয়া হয় চালক জনে জানিবলৈ দিয়ে ৷ তেওঁ বিগত বাৰ বছৰে ৰাষ্ট্ৰীয় ঘাইপথটো একে অৱস্থাতেই প্ৰত্যক্ষ কৰাৰ কথা জানিবলৈ দিয়ে । উল্লেখ্য যে, পৰিবৰ্তনৰ কথা কৈ কেন্দ্ৰত শাসনত আহিছিল মোদী চৰকাৰ ৷ এবাৰ নহয় দুবাৰকৈ কেন্দ্ৰত মোদী চৰকাৰ শাসনত অহাৰ পিচতে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই ৷

এই অৱস্থাত নগাঁও গুৱাহাটী যোৰহাট তেজপুৰৰ পৰা শিলচৰ যোৱাৰ বাবে এদিনৰ ঠাইত দুই তিনিদিন সময় লাগে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে বহু সময় পথৰ মাজতে গাড়ী আৱদ্ধ হৈ পৰে । যাৰ বাবে বহু সমস্যাত পৰিব লগা হয় চালকসকল ৷ অনতিপলমে এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰি চলাচলৰ উপযোগী কৰি তোলাৰ বাবে চৰকাৰক দাবী জনাইছে ভুক্তভোগী চালকসকলে ।

লগতে পঢ়ক :ৰোগীৰ blood test ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

Last Updated : Jul 6, 2021, 6:20 AM IST

ABOUT THE AUTHOR

...view details