অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলাত অমৃত সৰৱৰ মিছনৰ উদ্বোধন - Nandita Garlocha inaugurated Amrit Sarobar scheme

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমত উন্মোচন কৰা হয় অমৃত সৰোবৰ আঁচনি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাওতো মুকলি হ'ল অভিলাষী অমৃত সৰোবৰ আঁচনি(Amrit Sarobar scheme inaugurated in Dima Hasao)

nandita garlocha inaugurated amrit sarobar project
ডিমা হাছাও জিলাত অমৃত সৰৱৰ মিছনৰ উদ্বোধন

By

Published : Sep 17, 2022, 10:17 PM IST

হাফলং, ১৭ ছেপ্টেম্বৰ :প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিশেষ পদক্ষেপ অসমৰ বিভিন্ন প্ৰান্তত(PM birthday celebrated in Assam) । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰেও প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰে বিভিন্ন কাৰ্যসূচী । প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি অসমত মুকলি হ'ল অভিলাষী অমৃত সৰোবৰ আঁচনি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাওতো মুকলি হ'ল অভিলাষী অমৃত সৰোবৰ আঁচনি(Amrit Sarobar scheme inaugurated in Dima Hasao) ।

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাত অমৃত সৰোবৰ মিছনৰ উদ্বোধন কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই(Amrit Sarovar in Dimahasao) । শনিবাৰে ডিমা হাছাও জিলাৰ মানদাৰদিছা হাতীখালি আৰু মাইবাঙত এই অমৃত সৰৱৰ মিছনৰ উদ্বোধন কৰা হয় । শনিবাৰে মানদাৰদিছাৰ দাওলাপূৰ হাতীখালি আৰু মাইবাঙৰ চিমপলাংদিছাত সৰোবৰ আঁচনিৰ আৰম্ভণি কৰে ৰাজ্যৰ শক্তিমন্ত্ৰীগৰাকীয়ে (Minister Nandita Garlocha inaugurated Amrit Sarobar scheme) ।

ডিমা হাছাও জিলাত অমৃত সৰৱৰ মিছনৰ উদ্বোধন

এই অনুষ্ঠানত উপস্থিত থাকে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, পাৰ্বত্য পৰিষদৰ ডেপুটি চেয়াৰমেন বিমল হোজাই, কাৰ্যনিৰ্বাহ সদস্য গোলঞ্জ থাওচেন ইত্যাদিয়ে । অমৃত সৰোবৰ আঁচনিৰ উদ্বোধন কৰি ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই সাংবাদিকৰ আগতে কয় এই অমৃত সৰোৱৰ মিছন প্ৰকল্প ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প(PM Narendra Modi)। আৰু এই প্ৰকল্পৰ জৰিয়তে গাঁও অঞ্চলৰ বহু লোক উপকৃত হ’ব বুলি মন্ত্যব কৰে মন্ত্ৰী নন্দিতা গাৰ্লচাই ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ জন্মদিন: অমৃত সৰোবৰ আঁচনি মুকলি মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details