অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলা প্ৰশাসনক 'মুপা'ৰ অক্সিজেন কনচেনট্ৰেটৰ যোগান - মুপা

কৰ'ণা(covid-19)ৰে মোকাবিলা কৰাত প্ৰশাসনলৈ সহায়ৰ হাত আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থা 'মুপা'ই । ডিমা হাছাও জিলা প্ৰশাসনক ১৫টা অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে সংস্থাটোৱে । অসমৰ ৭ খন জিলা আৰু উত্তৰ-পূৱৰ ৫ খন ৰাজ্যকো অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে 'মুপা'ই ।

MUPA provided 15 oxygen concentrator to Dima Hasao district administration
ডিমা হাছাও জিলা প্ৰশাসনক অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিলে মুপাই

By

Published : Jun 1, 2021, 7:40 PM IST

ডিমা হাছাও, ১ জুন: দিল্লীস্থিত 'মুপা' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই কৰ'ণা(covid-19)ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনক ১৫টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰিছে । বৰ্তমান অক্সিজেনৰ অভাৱত বহু ক'ভিড ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰান্তত ক'ভিড ৰোগীৰ বাবে অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে সংস্থাটোৱে ।

মঙলবাৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাই অক্সিজেন কনচেনট্ৰেটৰকেইটা জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালি বৰ্মন আৰু হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইৰ হাতত অৰ্পণ কৰে ।

জিলা উপায়ুক্ত পল বৰুৱাই কয় যে, সামাজিক মাধ্যমযোগে 'মুপা'ই কৰা কামবোৰ দেখি তেওঁ প্ৰথমতে স্বেচ্ছাসেৱী সংস্থাটোৰ লগত যোগাযোগ কৰে আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত পিছ পৰি থকা পাহাৰীয়া জিলাখনৰ বাবে অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰ পাচতে স্বেচ্ছাসেৱী সংস্থাটোৱে এই অক্সিজেন কনচেনট্ৰেটৰকেইটা পাহাৰীয়া জিলাখনক প্ৰদান কৰে ।

জিলা উপায়ুক্তগৰাকীয়ে লগতে কয় যে, অসমৰ ৭ খন জিলা আৰু উত্তৰ-পূৱৰ ৫ খন ৰাজ্যকো 'মুপা'ই অক্সিজেন কনচেনট্ৰেটৰৰ যোগান ধৰিছে । ক'ভিডত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱস্থাই জটিল ৰূপ লোৱা ৰোগীসকলৰ জীৱন ৰক্ষা কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে 'মুপা' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সৈতে যোগাযোগ কৰে বুলি জানিবলৈ দিয়ে ।

ইফালে, এই অক্সিজেন কনচেনট্ৰেটৰ লাভ কৰাৰ পাচতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালি বৰ্মনে দিল্লীস্থিত 'মুপা' আৰু জিলা উপায়ুক্তৰ এনে ধৰণৰ পদক্ষেপক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:লখিমপুৰত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন মন্ত্রী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details