অসম

assam

By

Published : Jan 29, 2023, 5:06 PM IST

ETV Bharat / state

Model Anganwadi Centre : ডিমা হাছাওত মুকলি ৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

ডিমা হাছাও জিলাত ৩ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয় । শনিবাৰে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুকলি কৰে অংগনৱাড়ী কেন্দ্ৰকেইটা (Nandita Garlosa inaugurates Model Anganwadi Centre)। অহা বিত্তীয় বৰ্ষত ডিমা হাছাওত ২২ খন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা চৰকাৰৰ ।

Model Anganwadi Centre
ডিমা হাছাওত মুকলি ৩ খন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

ডিমা হাছাও, ২৯ জানুৱাৰী :ডিমা হাছাও জিলাত তিনিটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ মুকলি কৰে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Nandita Garlosa inaugurates Model Anganwadi Centre)। শনিবাৰে ডিমা হাছাও জিলাৰ অন্তৰ্গত ১৬ নং হাফলং জনজাতি বিধানসভা সমষ্টিৰ অধীনত কেলেলো পাংমুল আৰু ইনৰিম বাংলা গাঁৱত এই তিনিটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰি ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে ২০২২-২৩ বিত্তীয় বছৰত চৰকাৰে ডিমা হাছাও জিলাত ১১ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিছে (Model Anganwadi Centre in Dima Hasao)।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা বিত্তীয় বছৰত হাফলং বিধানসভা সমষ্টিত আৰু ২২ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব । তেওঁ দাবী কৰা মতে চৰকাৰে শিশুসকলৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তুলি প্ৰকৃত শিক্ষা প্ৰদানৰ লক্ষ্যৰে কাম কৰি আছে । শিশুসকলৰ মেধা বিকাশৰ বাবে চৰকাৰে ৰাজ্যত ৩ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিছে ।

শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুকলি কৰে অংগনৱাড়ী কেন্দ্ৰ

মন্ত্ৰী নন্দিতা গাৰ্লোচাই অংগনৱাড়ী কেন্দ্ৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহত পঢ়া-শুনাৰ বাহিৰেও উন্নত মানৰ খাদ্য বিতৰণ কৰা হয় । শিশুসকলৰ প্ৰাথমিক শিক্ষা প্ৰদানৰ জৰিয়তে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰৰ এই পদক্ষেপ বুলি মন্তব্য কৰি শক্তি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ মে' আৰু জুন মাহত ডিমা হাছাও জিলা প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰাৰ বাবে জিলাখনত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰবোৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছু বিলম্ব হৈছে ।

শনিবাৰে এই তিনিওটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ মুকলি কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই অসমৰ ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও উল্লেখ কৰে । মন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ । উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰে শিশুসকলৰ ভৱিষ্যতৰ দিশ দেখুওৱাৰ ক্ষেত্ৰত তৎপৰ হৈছে । লগতে আজিৰ শিশু আগন্তুক দিনৰ ভৱিষ্যত বুলিও মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে ।

আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ জাতিংগা সমষ্টিৰ সদস্য ফ্লেমিং ৰূপচি, বৰাইল সমষ্টিৰ অমিন লিয়েনথাং, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু তিনিখন গাঁৱৰ গ্ৰামপ্ৰধান (Model Anganwadi Centre inaugurates in Dima Hasao)। ইফালে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰবোৰ মুকলি কৰাৰ লগতে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কেন্দ্ৰবোৰৰ সকলো দিশ পৰ্যৱেক্ষণ কৰে ।

লগতে পঢ়ক :Gunasindhu Hazarika passes away: গুণসিন্ধু হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details