ডিমা হাছাও, 15 মে': ডিমা হাছাও জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ শনিবাৰে হাফলঙত উপস্থিত হয় ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মহন ৷ শনিবাৰে পুৱাই ডিফুৰ ৰাওনা হৈ দুপৰীয়া প্ৰায় 12 বজাত হাফলঙত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ তাৰ পিছতে হাফলং চাৰ্কিট হাউচত জিলা প্ৰশাসন,আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ,স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ লগত ক'ভিড পৰিস্থিতি সন্দৰ্ভত এখন বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷ বৈঠক খনত উপস্থিত আছিল ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছা, বিধায়ক নন্দিতা গাৰ্লছা, পাৰ্বত্য পৰিষদৰ স্বাস্থ্য বিভাগৰ দায়িত্ব প্ৰাপ্ত ই এম চেময়েল চাংসন, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ লিনা হাকমকচা, আৰক্ষী অধীক্ষক জয়ন্ত সিঙকে প্ৰমূখ্য কৰি কেইবাজনো চৰকাৰী বিষয়া ৷
ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ ডিমা হাছাওত মন্ত্ৰী যোগেন মহন - Minister Jogen Mohan observed covid situation at Dima Hasao
ডিমা হাছাও জিলাত ক'ভিড সংক্ৰান্তত থকা সকলো সমস্যা দূৰি কৰাৰ বাবে অচিৰেই ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে ৷ জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্য়া মাত্ৰ 4.26 শতাংশ ৷
![ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ ডিমা হাছাওত মন্ত্ৰী যোগেন মহন minister-jogen-mohan-observed-covid-situation-at-dima-hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11772816-thumbnail-3x2-p1.jpg)
বৈঠকৰ পিচতে এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলাত ক'ভিড সংক্ৰান্তত থকা সকলো সমস্যা দূৰি কৰাৰ বাবে অচিৰেই ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মহনে ৷ লগতে ডিমা হাছাও জিলাত ক'ভিড পৰীক্ষাৰ বাবে এটা আৰটিপিচিআৰ লেৱ স্থাপনৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ লগত আলোচনা কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অহা 15 দিনৰ ভিতৰতে হাফলং অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত জটিল ৰোগীৰ বাবে 10খন বিচনা যুক্ত আইচিইউ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিব আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ জিলাখনত যিহেতু ক'ভিডত আক্ৰান্তৰ সংখ্য়া মাত্ৰ 4.26 শতাংশ, গতিকে চিন্তাৰ বিশেষ কাৰণ নাই বুলি উল্লেখ কৰি ক'ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা