নিউজ ডেস্ক, 1 এপ্ৰিল: ডিমাচা সশস্ত্ৰ সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমুকৈ DNLA য়ে পুনৰ 6 মাহলৈ বৃদ্ধি কৰিলে একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ (DNLA extended unilateral ceasefire) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সংবাদমাধ্যমযোগে এক পত্ৰ প্ৰেৰণ কৰি DNLAৰ অধ্যক্ষ জুহথাইয়ে একপক্ষীয় যুদ্ধ বিৰতি 1 এপ্ৰিল 2023ৰ পৰা 30 ছেপ্টেম্বৰ 2023লৈ বৃদ্ধি কৰাৰ কথা সদৰী কৰিছে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে, ‘‘ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে শান্তিপূৰ্ণ পৰিৱেশ, উন্নয়নমূলক আলোচনাৰ আৰু সহ-সম্পৰ্কৰ বাবে যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ 6 মাহলৈ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে ৷ যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰলৈ এই পত্ৰ প্ৰেৰণ কৰা হ’ল ৷’’
ইয়াৰ পূৰ্বে, 2021 চনৰ ছেপ্টেম্বৰ মাহত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে (Dimasa National Liberation Army) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় 6 মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি (Unilateral Ceasefire) ঘোষণা কৰিছিল ৷ সেই সময়ত সংগঠনটোৰ প্ৰচাৰ সচিব মুংশ্ৰী ৰিংছমাই ডিমাছাই (Mungsri Ringsmai Dimasa) এক প্ৰেছ বাৰ্তাযোগে সদৰী কৰিছিল এই কথা ৷